ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীক আৰু দলৰ পঞ্জীয়ন নম্বৰ ৰাজহুৱা।গুৱাহাটীৰ পানবজাৰ হোটেল প্ৰাগ কেণ্টিনেন্টেলতৰ এক সংবাদমেল দলীয় নির্বাচনী প্ৰতীক ৰাজহুৱা কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে।’জাহাজ’ হব নৱগঠিত আঞ্চলিক দলটো প্ৰতীক ।
দেশৰ নির্বাচনী আয়োগে দলটোৰ প্ৰতীক ‘জাহাজ’ চিহ্নত কৰিছে।
এজেপি প্ৰতি ৰাইজক বিভ্ৰান্ত কৰিবলৈ প্ৰতিক্ৰিয়াশীল এটা চক্ৰই প্ৰচেষ্টা চলাইছে।আঞ্চলিক পঞ্জীয়ন ভুক্ত নোহোৱা বুলি ভুৱা প্ৰচাৰ চলাই আহিছে।সেই কথা উল্লেখ কৰি সভাপতি গগৈয়ে জাতীয় পৰিষদৰ পঞ্জীয়ন নম্বৰ ৰাজহুৱা কৰে।
দেশৰ নিৰ্বাচন আয়োগত পঞ্জীয়ন ভুক্ত এজেপি পঞ্জীয়ন নম্বৰ হৈছে 56/161/2020-2021/ PPS-1।
২৫ ফেব্ৰুৱাৰীত ৰাজনৈতিক দল হিচাপে পঞ্জীয়নভুক্ত এজেপি।
Exit Pollৰ বিপৰীত ফলাফল ৰাইজে লাভ কৰিব আগন্তক নিৰ্বাচনত উল্লেখ কৰে সভাপতি গৰাকীয়ে।
“বিপিএফৰ সৈতে ইতিবাচক আলোচনা হৈছিল আমাৰ।কিন্তু শেহতীয়া ভাৱে হাগ্ৰামা মহিলাৰীয়ে মহাজোটত চামিল হৈছে।হয়তো তেওঁলোকৰ কিবা ৰাজনৈতিক বাধ্যবাধকতা থাকিব পাৰে।তাত আমাৰ কব লগা নাই।এজেপিয়ে কোনো সাম্প্ৰদায়িক-ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বোকোছাত উঠি নির্বাচনত অৱৰ্তীন নহয়’- লুৰীনে কয়।