ASSAM TIMES POST
গুৱাহাটীঃ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন, আঞ্চলিক কাৰ্যালয় (গুৱাহাটী)ৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বুধবাৰে সাধাৰণ ধৰ্মঘট পালন কৰে। এই কথা সদৰী কৰি কৰ্মচাৰী ভৱিষ্যনিধি ষ্টাফ ইউনিয়নৰ সাধাৰণ সম্পাদক দ্বিজেন চন্দ্ৰ দাসে এক বিবৃতিত কয় যে সময়ে-সময়ে কৰ্মচাৰীসকলৰ বিভিন্ন দাবী পূৰণৰ বাবে সদৌ ভাৰত ভৱিষ্যনিধি কৰ্মচাৰী ফেডাৰেচনে নতুন দিল্লীস্থিত কেন্দ্ৰীয় ভৱিষ্যনিধি আয়ুক্তলৈ দাবী পত্ৰ প্ৰেৰণ কৰি আহিছে।
কিন্তু কোনো সুফল নোপোৱাত সদৌ ভাৰত কৰ্মচাৰী ভৱিষ্যনিধি পৰিষদে আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হয়। ভৱিষ্যনিধি কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে গত ১ আগষ্টৰপৰা ২৭ আগষ্টলৈকে ক’লা বেজ পৰিধান কৰাৰ লগতে ১৯ আগষ্টৰপৰা ২৩ আগষ্টলৈকে দুপৰীয়া ১ বজা (জিৰণিৰ সময়ত)ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু বুধবাৰে সকলো দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এদিনীয়া সাধাৰণ ধৰ্মঘট পালন কৰে।













