ASSAM TIMES POST
ডিফুঃ অহা ১ ছেপ্টেম্বৰত পালন হ’বলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী অৱশেষত প্ৰত্যাহাৰ কৰিলে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থা চমুকৈ কাপটাই৷ বৃহস্পতিবাৰে ডিফুস্থিত কাপটাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্তৰ কথা সদৰী কৰে কাপটাৰ সাধাৰণ সম্পাদক প্ৰবীণ হাঞ্চেই৷
বুধবাৰে কাপটাৰ নেতৃবৰ্গই এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্যজনে কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ দাবীসমূহ গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে শিক্ষক-কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিয়া হ’ব বুলি আশ্বাস দিয়াৰ কথা কয় কাপটাৰ সাধাৰণ ম্পাদকগৰাকীয়ে৷
আনহাতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰপৰা প্ৰয়োজনীয় ডিডিঅ’, ক’ড আৰু পাছৱৰ্ড লাভ কৰা বুলিও জনাই সংবাদমেলত৷ উল্লেখযোগ্য যে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই অনলাইন আৰু অফলাইন দৰমহাৰ মেৰপেচত পৰি বিগত চাৰি মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থাকি অহা ১ ছেপ্টেম্বৰৰপৰা জিলাখনত শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷
সংবাদমেলত সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰা অনুসৰি জিলাখনৰ মুঠ ১১ টা শিক্ষাখণ্ডৰ প্ৰতিটোতে সুকীয়া-সুকীয়াকৈ তিনিদিনৰ ভিতৰত শিক্ষকসকলৰ তথ্য অনলাইনত সন্নিবিষ্ট কৰা হ’ব৷ সেই অনুসৰি ছেপ্টেম্বৰৰ দ্বিতীয়াৰ্ধৰ ভিতৰতে শিক্ষকসকলে দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে৷