
গুজৰাটৰ বদোদৰাৰ পিছত এইবাৰ দিল্লীৰ পৰা গ্ৰেপ্তাৰ হ’ল আন এজন জৈছ সন্ত্ৰাসবাদী (JEM terrorist arrested)। দিল্লী আৰক্ষীৰ বিশেষ কোষে কেইবাদিনো ধৰি সন্ত্ৰাসবাদীৰ গতিবিধি নিৰীক্ষণ কৰি আছিল। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত সন্ত্ৰাসবাদীজনৰ মোবাইল ফোনত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰা হৈছে। পাকিস্তানৰ সৈতেও সম্পৰ্ক পোৱা গৈছে। তেওঁ পাকিস্তানী হেণ্ডলাৰৰ নিৰ্দেশনা অনুসৰি দিল্লী আৰু কাষৰীয়া অঞ্চলত কম বয়সীয়া সোকসকলক উচটাবলৈ কাম কৰি আছিল। কেৱল সেয়াই নহয়, তদন্তকাৰীয়ে দাবী কৰিছে যে তেওঁক জৈছৰ ‘শ্লিপাৰ চেল’ সৃষ্টি কৰি সন্ত্ৰাসবাদী গোটত যুৱক-যুৱতীক নিযুক্তি দিয়াৰ দায়িত্ব দিয়া হৈছিল।

বৃহস্পতিবাৰে গুজৰাটৰ বদোদৰাৰ পৰা এজন জৈছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। দিল্লীত গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীজনৰ সৈতে তেওঁৰ কোনো ধৰণৰ যোগাযোগ আছিল নেকি তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে দিল্লীত ক’ৰ পৰা জৈছ সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা প্ৰকাশ কৰা নাই দিল্লী আৰক্ষীৰ বিশেষ কোষে। উল্লেখ্য যে কিছুদিন পূৰ্বে চোৰাংচোৱা বিভাগৰ বিষয়াসকলে ৬৫টা বিদেশী সন্ত্ৰাসবাদী ভাৰতত অনুপ্ৰৱেশ কৰা বুলি জনাইছিল। তেওঁলোক জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছে। ইতিমধ্যে এই সন্ত্ৰাসবাদী সুৰক্ষা বাহিনীৰ চকুত পৰিছে। সূত্ৰ অনুসৰি, ৬৫ জন সন্ত্ৰাসবাদীৰ ভিতৰত ৩৫ জন লস্কৰৰ সদস্য আৰু ২৫ জন জৈছ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য। নিৰাপত্তা বাহিনীয়ে উপত্যকাটোত তেওঁলোকৰ সন্ধানত তালাচী চলাইছে। তাৰ মাজতে দেশৰ দুই প্ৰান্তৰ পৰা দুজন জৈছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোহৰলৈ আহিছে।
বৃহস্পতিবাৰে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ হোৱা জৈছ সন্ত্ৰাসবাদীজন অসমৰ শ্ৰীভূমিৰ বাসিন্দা। ধৃত ব্যক্তিজনৰ নাম মহম্মদ চাহাৰুল ইছলাম। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা এ কে ৪৭ ৰাইফল আৰু ২৩ জাঁই গুলী। আৰক্ষীৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীজন পোনপটীয়া যাত্ৰাৰ পৰা হাত সাৰিবলৈ অসম হৈ গুজৰাটলৈ গৈছিল। এটিএছৰ সূত্ৰ অনুসৰি, তেওঁৰ বদোদৰাত থকা বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ পৰিকল্পনা আছিল। তেওঁ পাকিস্তানী হেণ্ডলাৰৰ নিৰ্দেশ অনুসৰি কাম কৰি আছিল। আটকাধীন সন্ত্ৰাসবাদীজনে এই আক্ৰমণ সংঘটিত কৰি পাকিস্তানলৈ পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে শ্ৰীভূমিৰ তেওঁৰ বাসগৃহত তালাচী চলাই বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। লগতে সোধা-পোছাৰ বাবে পিতৃক আটক কৰি থানালৈ অনা হৈছে।








