![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ১নং বাৰ্ডত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনাৰ। খাদ্যত বিষক্ৰিয়া হৈ একে ঘৰৰে দুই সন্তান মৃত্যু হয় হোৱাৰ লগতে আন এজন জীৱন-মৰণৰ সতে যুঁজি আছে গুৱাহাটীৰ চিকিৎসালয়ত। মৃত্যু হোৱা দুই শিশু ক্ৰমে, অৰ্ণৱ ক’ৰ (১১) আৰু অভিক ক’ৰ (৪)।
আনহাতে, কিশোৰ দুজনৰ দেউতাক অজয় ক’ৰ বৰ্তমান গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন। উল্লেখ্য যে, অজয় ক’ৰৰ দেউতাক ১১ দিন পূৰ্বে মৃত্যু হোৱাত পৰিয়ালৰ লোকে বৰত মানি নীতি-নিয়ম অনুসৰি খাইছিল ফল-মূল আৰু বুটমাহ।
যোৱা মংগলবাৰে নিশা বুটমাহ খোৱাৰ পিছৰ পৰাই পৰিয়ালটোৰ প্ৰায় লোক অসুস্থ হৈ পৰিছিল। পৰবৰ্তী সময়ত, চিকিৎসালয়ৰ কাষ চাপে যদিও ঘৰখনৰ এটি সন্তান গুৱাহাটী নিয়া পথতেই নগাঁও পাওতেই মৃত্যু হয় আৰু আনজন গুৱাহাটী চিকিৎসালয়ত মৃত্যুক সাৱটি লয় । মৃত দুই সন্তানৰ পিতৃ অজয় ক’ৰ বৰ্তমান সংকটজনক অৱস্থাত মৃত্যুৰ স’তে যুঁজি গুৱাহাটীৰ চিকিৎসালয়ত । বুট খোৱাৰ পিছতেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ সন্দেহ আন পৰিয়ালৰ লোকৰ।।












