নিউজ ডেস্কঃ
যুৱতী আৰু বয়সস্থসকলৰ তুলনাত ব্রিটেইন মধ্য বয়সীয়া মহিলাসকলেই কৰোনাত বেছিকৈ আক্ৰান্ত হৈছে। এক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য।
বিগত বছৰত প্রায় প্রতিদিনে ১০০০ কৰোনা ৰোগী ব্রিটেইনত হস্পিটেলত ভর্তি হৈছে। তাৰ ভিতৰত ৭০ শতাংশ সম্পূৰ্ণ সুস্থ হোৱা নাই। পাঁচ মাহ পিছত পুনৰ তেওঁলোক কৰোনাত আক্রান্ত হৈছে। তাৰ ভিতৰত মধ্য বয়সীয়া মহিলাসকলেই বেছি।
গ্লাছগো বিশ্ববিদ্যালয়ৰ এটি সমীক্ষাত দেখা গৈছে, ৫০ বছৰৰ তলৰ মহিলাসকল শ্বাসকষ্টৰ সমস্যাসহ কৰোনাৰ একাধিক উপসর্গত দীর্ঘদিন ভুগিছে। হার্ড ইমিউনিটি সৃষ্টি নোহোৱাটো এটা ডাঙৰ কাৰণ৷ এই কথা জনাইছে লেষ্টাৰ বিশ্ববিদ্যালয়ৰ প্রফেছৰ ৰাচেল ইভান্সে। তেওঁ কয়, যুৱতীসকল সোনকালে আৰোগ্য হৈ উঠিছে। বয়সস্থসকলৰ বহুতেই মৃত্যু হৈছে।
কিন্তু মধ্য বয়সীয়াসকল সুস্থ হ’লেও শৰীৰত কৰোনাৰ একাধিক উপসর্গ দেখা গৈছে। এইক্ষেত্রত শাৰীৰিক অক্ষমতা এটা কাৰণ বুলি সমীক্ষাটোত পোহৰলৈ আহিছে। আৰু এটি গৱেষণাত দেখা গৈছে, ১০০ জন কোভিড ৰোগীৰ ৮৫ শতাংশৰ মাজতেই ৪ ধৰণৰ স্নায়বিক ৰোগৰ সন্ধান পোৱা গৈছে।
সকলোতকৈ বেছি দেখা গৈছে ‘ব্রেন ফগ’ বা চিন্তা-ভাবনা কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱাৰ দৰে ৰোগ। ইয়াৰ উপৰি তীব্ৰ মূৰৰ বিষ, কথা লাগি ধৰা, স্বাদ আৰু ঘ্রাণশক্তি লোপ পোৱা আদি। আনকি দৃষ্টিশক্তিও কমি গৈছে। এই উপসর্গ ব্রিটেইনত মধ্য বয়সীয়া মহিলাসকলৰ মাজতেই বেছি দেখা গৈছে। আৰু এই সমস্যাৰ পৰা বাহিৰ ওলাই আহিবলৈ ৭০ শতাংশ মধ্য বয়সীয়া কোভিড আক্রান্ত মহিলাৰ প্রায় ৫ মাহ সময় লাগিছে।