ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৭২৭৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩০৭৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০২৯ জন লোক কামৰূপ মহানগৰৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.৫৮ শতাংশ। আনহাতে, বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ২৬জন লোকৰ ৷উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৯০ শতাংশ ।













