![]()
নিউজ ডেস্কঃ
এগৰাকী মহিলাক গণধর্ষণৰ পিছত বিদ্যুতৰ খুঁটাত ওলোমাই ৰখাৰ অভিযোগ উঠিল বিহাৰৰ সমস্তিপুৰত। স্থানীয় লোকসকলে তেওঁক গুৰুতৰ আৰু অচেতন অৱস্থাত উদ্ধাৰ কৰি হস্পিটেললৈ লৈ যায়।
আৰক্ষীয়ে জনোৱা মতে, মঙ্গলবাৰে পুৱতি নিশা ঘটনাটি ঘটে সমস্তিপুৰৰ বিভূতিপুৰ থানা এলেকাৰ চাখাবিব ৰুবিয়া গাঁৱত। ঘটনাৰ দিনা শৌচকর্মৰ বাবে বাহিৰলৈ গৈছিল মহিলাগৰাকী। ঘৰৰ ওচৰতেই খাপ পিটি আছিল দুষ্কৃতিকাৰী। মহিলাগৰাকী ঘৰৰ পৰা বাহিৰ ওলোৱাৰ লগে লগেই তেওঁক জোৰ কৰি এক নির্জন স্থানলৈ দাঙি লৈ গৈ গণধর্ষণ কৰে দুষ্কৃতিকাৰীয়ে। মহিলাগৰাকীয়ে বাধা দিয়াৰ চেষ্টা কৰাত তেওঁক মাৰধৰ কৰে। আনকি প্রাণনাশৰো ভাবুকি দিয়া বুলি অভিযোগ।
ইয়াৰ পিছতেই দুষ্কৃতিকাৰীয়ে মহিলাগৰাকীক বিদ্যুতৰ খুঁটাত ওলোমাই থৈ পলায়ন কৰে। স্থানীয় লোকে মহিলাগৰাকীক অচেতন আৰু বিবস্ত্র অৱস্থাত উদ্ধাৰ কৰে। তাৰ পিছত তেওঁক স্থানীয় হস্পিটেললৈ লৈ যোৱা হয়। তাৰ পৰা অন্য এখন হস্পিটেললৈ মহিলাগৰাকীক স্থানান্তৰিত কৰা হয়।
উল্লেখ্য, মহিলাগৰাকীৰ ঘৰৰ কাষতেই এটি শিবিৰত বহু কেইজন শ্রমিক আছিল। এই ঘটনাৰ আঁৰত সিহঁতৰে হাত আছে বুলি দাবী স্থানীয় লোকসকলৰ। আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অৱশ্যে অভিযুক্তসকলৰ এতিয়াও কোনো সন্ধান পোৱা হোৱা নাই।










