![]()
নিউজ ডেস্কঃ
বিশেষজ্ঞসকলৰ দাবী এইবাৰ মানি ল’লে কেন্দ্রই। কৰোনাৰ দ্বিতীয় ঢৌত যুৱ প্ৰজন্মই যে বেছি আক্রান্ত হৈছে, তাৰ প্রমাণ পোৱা গ’ল কেন্দ্রই দিয়া পৰিসংখ্যাত। জানিব পৰা মতে, ১ মে’ৰ পিছত দেশত যিমানজন কোভিড পজিটিভ হৈছে, তেওঁলোকৰ ভিতৰত ২৬ শতাংশৰ বয়স ১৮–৩০ বছৰৰ ভিতৰত। সকলোতকৈ বেছি আক্রান্ত হৈছে ৩১-৪০ বছৰ বয়সীয়াসকল।
বুধবাৰে কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্যত কোৱা হৈছে, মে’ মাহৰ প্রথম সপ্তাহত দেশত যিসকল কৰোনাত আক্রান্ত হৈছিল, তেওঁলোকৰ ভিতৰত ২৬.৫৮ শতাংশই যুৱ। চলিত মাহৰ দ্বিতীয় সপ্তাহত সংখ্যাটো কিছু কমি হৈছিল ২৫.৮৯ শতাংশ। তৃতীয় সপ্তাহত অর্থাৎ ১৫–২১ মে’ পর্যন্ত যুৱ প্রজন্মৰ মাজত সংক্রমণৰ হাৰ আছিল দেশৰ মুঠ আক্রান্তৰ ২৫.৬০ শতাংশ। আনহাতে, পৰিসংখ্যাই কৈছে, সার্বিকভাবে কৰোনাৰ দ্বিতীয় ঢৌত সকলোতকৈ বেছি সংক্রমিত হৈছে ৩১-৪০ বছৰ বয়সীয়াসকল। চলিত মাহৰ প্রথম সপ্তাহত এই বয়সৰ মানুহৰ মাজত আক্রান্তৰ হাৰ আছিল প্রায় ২৩.১২ শতাংশ। দ্বিতীয় সপ্তাহত সেইটো হয়গৈ ২২.৭৯ শতাংশ। তৃতীয় সপ্তাহত হয় ২২.৫৮ শতাংশ। ২২ মে’ৰ পৰা ২৪ মে’- এই তিনিদিনত মুঠ আক্রান্তৰ ২২.২৪ শতাংশই ৩১-৪০ বছৰ বয়সৰ।
ইয়াৰ উপৰি শিশু আৰু কিশোৰসকলৰ মাজতো কৰোনা সংক্রমণ বাঢ়িবলৈ আৰম্ভ কৰিছে। চলিত মাহৰ প্রথম সপ্তাহত মুঠ কৰোনা আক্রান্তৰ প্রায় ৭.৮২ শতাংশই আছিল শিশু আৰু কিশোৰ। ২২-২৪ মে’ত এই সংখ্যা বৃদ্ধি পাই হৈছে ৮.৭৩ শতাংশ। এওঁলোকৰ মাজত বেছি প্রভাৱিত হৈছে ১১-১৭ বছৰ বয়সৰ কিশোৰসকল। চলিত মাহত এওঁলোকৰ আক্রান্তৰ হাৰ ৫ শতাংশৰ আশেপাশে আছে।










