জিতেন বৰকটকী:
নগাঁও : নগাঁও জিলাৰ পুৰণিগুদাম নৰসিংহ ক্ষেত্ৰত থকা বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰত আজি বিয়লি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভন ,নগাঁও জিলাৰ আৰক্ষী অধিক্ষক আনন্দ মিশ্ৰকে ধৰি বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত এক আলোচনাত মিলিত হয়।
আলোচনাৰ অন্তত অনুষ্ঠিত হোৱা এক সংবাদ মেলত ড৹ শৰ্মাই কয় যে, আমি এক লাখ ল‘ৰা-ছোৱালীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিম ।এই ব্যৱস্থা কৰিবৰ বাবে আমাক বছৰি ৩৬০০ কোটি টকাৰ প্ৰয়োজন হ‘ব।এই ক্ষেত্ৰত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ‘ব।
অজন্তা নেওগৰ সমিতিৰ প্ৰতিবেদন এমাহৰ ভিতৰত দিব। কোন বিভাগত মেধাৰ ভিত্তিত কেনেদৰে চাকৰি দিয়া হ‘ব সেই বিষয়ে চালি জাৰি চাই এক বছৰৰ ভিতৰত নিযুক্তি সমূহ দিয়াৰ ব্যৱস্থা কৰা হ‘ব।ইফালে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তি দিয়াৰ ক্ষেত্ৰত সময়ৰ প্ৰয়োজন হ‘ব।
সেই গতিকে কি ব্যৱস্থা লোৱা যায় সেইটো আলোচনা কৰা হ‘ব। আনহাতে, অপ্ৰয়োজনীয় পদ সমূহ প্ৰয়োজনীয় স্থানলৈ বদলি কৰণ কৰা হ‘ব ৷অহা কালিলৈ কাজিৰঙাত নগাঁও ,গোলাঘাট ,শোণিতপুৰ ,বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাৰ সাম্ভাব্য বান পৰিস্থিতি ,কাজিৰঙা বন্যপ্ৰাণীৰ বাবে ল‘ব লগা ব্যৱস্থাৰ ওপৰত এক আলোচনাত মিলিত হ‘ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে।
ইফালে কেইবাগৰাকী সাংবাদিকে তেওঁলোকে সংবাদ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি সেইবিষয়ে চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে মিলিজুলি সকলো সমস্যা সামাধানৰ বাবে আস্বাস প্ৰদান কৰে ৷
ইফালে মুখ্যমন্ত্ৰী হিচাপে পুন প্ৰথম বাৰৰ বাবে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক নগাঁৱস্থ সাংবাদিক সকলে শুভেচ্ছা জ্ঞাপন কৰে।উল্লেখ্য যে,মুখ্যমন্ত্ৰীৰ ভ্ৰমন সময়ত পত্নী ৰিণিকি ভূঞা,বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰূপক শৰ্মা,স্থানীয় বিধায়ক জিতু গোস্বামী উপস্থিত থাকি সঙ্গ দিয়ে৷