![]()
নিউজ ডেস্কঃ
এলোপেথি চিকিৎসা আৰু এলোপেথিক চিকিৎসকসকলৰ সন্দৰ্ভত বিতর্কিত মন্তব্যৰ পিছত এইবাৰ তেওঁক গ্রেপ্তাৰ কৰা সন্দৰ্ভত প্ৰত্যক্ষভাৱে প্রশাসনক প্ৰত্যাহ্বান জনালে ৰামদেৱে।
বৃহস্পতিবাৰে ইণ্টাৰনেট মাধ্যমত শ্বেয়াৰ হোৱা এটি ভিডিওত তেওঁক কোৱা শুনা গৈছে এই কথা। উক্ত ভিডিওটোত অত্যন্ত আত্মবিশ্বাসী দেখা গৈছে তেওঁক। এক প্রকাৰ হাঁহি হাঁহি গ্রেপ্তাৰীৰ এই প্ৰত্যাহ্বান জনাইছে তেওঁ। পোনপটীয়াকৈ নাম নকলেও ভিডিওটোত কেন্দ্রকেই তেওঁ লক্ষ্য কৰা যেন অনুমান হৈছে।
ভিডিওটোত ৰামদেৱে কৈছে, ‘স্বামী ৰামদেৱক সিহঁতৰ বাপেকেও গ্রেপ্তাৰ কৰিব নোৱাৰে। সিহঁতে ‘ঠগ ৰামদেৱ’, ‘মহাঠগ ৰামদেৱ’, ‘গ্রেপ্তাৰ ৰামদেৱ’ এইবোৰ ট্রেণ্ড কৰাইছে নেট মাধ্যমত। সিহঁতে কৰক তেনেকুৱা। আমাৰ মানুহবোৰ এইবোৰ চোৱাত অভ্যস্ত।’ উল্লেখ্য, এলোপেথি চিকিৎসা আৰু চিকিৎসকসকলৰ সন্দৰ্ভত বিতর্কিত মন্তব্যৰ পিছৰ পৰাই ছচিয়েল মিডিয়াত ‘#এৰেষ্টৰামদেৱ’ ট্রেণ্ড হ’বলৈ আৰম্ভ হৈছে। এই ট্রেণ্ডৰ পৰিপ্রেক্ষিততেই উক্ত মন্তব্য কৰে ৰামদেৱে।










