![]()
নিউজ ডেস্কঃ
হাইড্ৰজেন গেছভৰ্তি বেলুনৰ সৈতে এটি কুকুৰক বান্ধি উৰুওৱাৰ ভিডিও কৰি পশুপ্রেমীসকলৰ ক্ষোভৰ মুখত পৰিল দিল্লীৰ এজন ইউটিউবাৰ। পশু নির্যাতনৰ অভিযোগত আৰক্ষীৰ হাতত গ্রেপ্তাৰো হ’বলগা হ’ল তেওঁ। ইউটিউবাৰজনৰ লক্ষ্য আছিল, আমোদজনক ভিডিও কৰি নিজৰ চেনেলৰ দর্শক বৃদ্ধি কৰাটো।
আৰক্ষীয়ে জনোৱা মতে, ধৃতকৰ নাম গৌৰৱ জন। তেওঁৰ এটি ইউটিউব চেনেল আছে। চেনেলৰ বাবে বিভিন্ন ধৰণৰ ভিডিও কৰে তেওঁ। সম্প্রতি তেনেকুৱাই এটি ভিডিও কৰিবলৈ গৈ গ্রেপ্তাৰ হ’বলগা হৈছে তেওঁ। অভিযোগ উঠিছে তেওঁৰ মাতৃৰ বিৰুদ্ধেও।
আৰক্ষী সূত্র মতে, গৌৰৱে হাইড্রজেন ভর্তি বেলুনত বান্ধি এটি কুকুৰক উৰুৱাব বিচাৰিছিল। তাৰ নাম ডলাৰ। ডলাৰ তেওঁলোকৰেই পোহনীয়া কুকুৰ। যুৱকজনক সঙ্গ দিয়ে তেওঁৰ মাতৃয়েও। ভিডিওটোত দেখা যায়, বহু কেইটা হাইড্রজেনভর্তি বেলুনত বন্ধা আছে কুকুৰটো। হাতৰ ৰছী ঢিলা কৰি লাহে লাহে কুকুৰটোক বতাহত উপঙাই দিছে তেওঁলোক।
ভিডিওটো তেওঁৰ চেনেলত আপলোড হোৱাৰ পিছতেই দিল্লীৰ মালবীৰ নগৰ থানাত অভিযোগ দাখিল হয় তেওঁলোকৰ বিৰুদ্ধে। তাৰ পিছতেই গ্রেপ্তাৰ হয় তেওঁ। পিছত অৱশ্যে ভিডিওটি মচি দি তেওঁ অন্য এটি ভিডিওত ইয়াৰ বাবে ক্ষমাও বিচাৰে।










