![]()
নিউজ ডেস্কঃ
য়াশ ঘূর্ণী বতাহত বিধ্বস্ত পশ্চিমবংগৰ অন্যতম প্রিয় পর্যটনস্থলী দিঘা। মঙ্গলবাৰে নিশাৰ পৰা বুধবাৰে দুপৰীয়া পর্যন্ত ঘূর্ণী বতাহৰ তাণ্ডৱত বংগৰ উপকূলৱর্তী স্থানবোৰত উঠিছে প্রবল জোৱাৰ। তাৰ ফলতে প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে দিঘা। বংগৰ সর্বাধিক জনপ্রিয় এই পর্যটন কেন্দ্রক পুনৰায় স্বাভাৱিক চেহেৰালৈ ঘূৰাই আনিবলৈ কাম আৰম্ভ কৰি দিছে প্রশাসনে। শুক্রবাৰে হিঙ্গলগঞ্জ আৰু সাগর পৰিভ্ৰমণ কৰি দিঘালৈ আহিব মুখ্যমন্ত্রী মমতা বেনাৰ্জী। সৰজমিন পৰ্যবেক্ষণ কৰিব দুর্গত এলেকা।
কিন্তু তাৰ পূৰ্বেই দ্রুততাৰে দিঘাক ছন্দলৈ ঘূৰাই আনিবলৈ একাধিক বিভাগে সমন্বিতভাৱে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই ক্ষেত্রত সকলোতকৈ গুৰুত্ব দিয়া হৈছে আন্তঃগাঁথনি পুনর্গঠনত। য়াশ ঘূর্ণী বতাহৰ পৰৱর্তী প্রভাৱে যাতে দিঘাৰ আন্তঃগাঁথনিক কোনো ধৰণে বিপর্যস্ত কৰিব নোৱাৰে, সেই দিশতেই নজৰ দিছে প্রশাসনিক মুৰব্বীসকলে। ভ্রমণপিপাসু লোকসকলৰ বাবে যাতে দিঘাক সোনকালে সাজু কৰি তুলিব পৰা যায়, সেই লক্ষ্য লৈ তেওঁলোকে কাম আৰম্ভ কৰা বুলি প্রশাসনিক সূত্ৰে প্ৰকাশ।










