![]()
নিউজ ডেস্কঃ
২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত কৃষকসকলে কৰি থকা শান্তিপূৰ্ণ অৱস্থান বিক্ষোভে চৰম ৰূপ লয় ২৬ জানুৱাৰীত। সিদিনাখন ৰাজধানী দিল্লীত ট্রেক্টৰ সমদল কৰি প্রতিবাদ কৰিব বিচাৰিছিল কৃষকসকলে। কিন্তু উক্ত সমদলক কেন্দ্ৰ কৰি সৃষ্টি হয় চৰম বিশৃঙ্খলতা। এটা দলে লালকিল্লাৰ শিখৰত নিচান চাহিব তুলি দিয়ে, যি শিখসকলৰ ধর্মীয় পতাকা। উক্ত ঘটনাৰ চার্জশ্বিট তৈয়াৰ কৰিছে দিল্লী আৰক্ষীয়ে। আঙুলি তুলিছে কৃষকসকলৰ দিশেই।
এটি সংবাদ মাধ্যম দাবী কৰা মতে, উক্ত চার্জশ্বিটত আৰক্ষীয়ে জনাইছে, ২৬ জানুৱাৰীৰ আগৰ পৰাই লালকিল্লা দখলৰ ষড়যন্ত্ৰ ৰচিছিল কৃষকসকলে। উক্ত এলেকাকেই তেওঁলোকৰ দ্বিতীয় আন্দোলনস্থলী হিচাবে গঢ়ি তুলিব বিচাৰিছিল।
সংবাদ সংস্থা এএনআইৰ খবৰ মতে, দিল্লী আৰক্ষীৰ চার্জশ্বিটত কোৱা হৈছে যে ২০২০ চনৰ নৱেম্বৰ–ডিচেম্বৰ মাহৰ পৰাই পৰিকল্পনা কৰা হৈছিল। সেই সময়তেই হাৰিয়ানা, পঞ্জাবৰ পৰা প্রচুৰ ট্রেক্টৰ অনা হৈছিল দিল্লীলৈ। সেই সংক্রান্তীয় তথ্যও চার্জশ্বিটত সংযুক্ত কৰা বুলি খবৰ পোৱা গৈছে।
দিল্লী আৰক্ষীৰ দাবী, ২৬ জানুৱাৰীত বিশ্ব দৰবাৰত মোদী চৰকাৰৰ ভাবমূর্তি নষ্ট কৰাৰ পৰিকল্পনা আছিল কৃষকসকলৰ। সেয়ে পূর্ব পৰিকল্পনা অনুযায়ী লালকিল্লাত প্ৰৱেশ কৰে বিক্ষোভকাৰী কৃষকসকল। লালকিল্লা দখলৰ ষড়যন্ত্ৰ ৰচিছিল তেওঁলোকে। উদ্দেশ্য আছিল, দিল্লী সীমান্ত এৰি লালকিল্লালৈ কৃষক আন্দোলনক স্থানান্তৰ কৰা। অৱশ্যে চার্জশ্বিটত কাৰ কাৰ নাম আছে, সেয়া এতিয়াও স্পষ্ট নহয়।










