![]()
নিউজ ডেস্কঃ
মিউকৰমাইকোছিছ বা ব্লেক ফাঙ্গাছ সংক্রমণক ইতিমধ্যে মহামাৰীৰ অন্তর্ভুক্ত কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে। এই ৰোগৰ একমাত্র ঔষধ এম্ফোটেৰিচিন বি ইমালছান ইঞ্জেকচনৰ ঘাটি দেখা দিছে দেশত। ঔষধৰ ঘাটিৰ ফলত ইতিমধ্যে মৃত্যু হৈছে বহু কেইজন লোকৰ। পিছে স্বস্তিৰ খবৰ এয়ে যে, মহাৰাষ্ট্রৰ জেনেটিক লাইফ ছায়েন্সেছ কোম্পানীয়ে বৃহস্পতিবাৰৰ পৰা এই ঔষধ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰি দিছে। কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিৰ কাৰ্যালয়ে জনাইছে, এই ইঞ্জেকচনৰ মূল্য হ’ব ১২০০ টকা।
গাডকাৰিৰ কাৰ্যালয়ৰ অফিচিয়েল টুইটাৰ একাউন্টৰ পৰা লিখা হয়, মন্ত্রীগৰাকীৰ প্রচেষ্টাত কোভিড হোৱাৰ পিছত দ্রুততাৰে বিয়পি পৰা ব্লেক ফাঙ্গাছ সংক্রমণৰ বাবে জেনটেক লাইফ ছায়েন্সেছে এম্ফোটেৰিচিন বি ইমালছন ইঞ্জেকচন তৈয়াৰ কৰিছে। ইমান দিনে ভাৰতত এটা কোম্পানীয়েহে এই ঔষধ উৎপাদন কৰিছিল।
উল্লেখ্য, এম্ফোটেৰিচিন বিৰ অভাৱত চিন্তাত পৰিছিল প্রধানমন্ত্রীও। তেওঁ সংশ্লিষ্ট সকলো বিষয়াক নির্দেশ দিয়ে যাতে পৃথিৱীৰ যিকোনো স্থানৰ পৰা এই ঔষধৰ ব্যৱস্থা কৰা হয়। মোদীৰ নির্দেশত ইতিমধ্যে ঔষধৰ সন্ধান চলিছে। ‘জিলিড ছায়েন্সেছ’ নামৰ এটা কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তিও হৈ গৈছে। ভাৰতলৈ এম্ফোটেৰিচিন বি সৰবৰাহ কৰিব তেওঁলোকে। ইয়াৰ লগতে আছে দেশীয় কোম্পানীৰ দ্বাৰা তৈয়াৰী ঔষধ। এতিয়া দেশী-বিদেশীৰ সহযোগতে মিউকৰমাইকোছিছৰ মোকাবিলা কৰিব পৰা যাব বুলি আশাবাদী চিকিৎসকসকল।










