![]()
নিউজ ডেস্কঃ
দেশত কৰোনা সংক্রমণ কিছু হ’লেও কমিছে। কিন্তু সংক্রমণৰ দ্বিতীয় ঢৌত ভাৰতত মৃত্যু হৈছে অসংখ্যজন। কোনো পৰিয়ালত স্বামী–স্ত্রী দুয়োজনৰেই মৃত্যু হোৱাত অভিভাৱকহীন হৈ পৰিছে তেওঁলোকৰ সন্তান। এই সংখ্যা প্রায় ৬০০ৰ ওচৰা-ওচৰি।
কেন্দ্রীয় পৰিসংখ্যা মতে, এই পৰ্যন্ত কৰোনাত পিতৃ-মাতৃক হেৰিৱাইছে দেশৰ প্রায় ৫৭৭টি শিশুই। তেওঁলোক বৰ্তমান আত্মীয় নাইবা পৰিচিতসকলৰ ওচৰত আছে। ৰাজ্যবোৰৰ সৈতে যোগাযোগ ৰাখি নিয়মিত শিশুসকলৰ খবৰ ৰাখিছে কেন্দ্রইও। দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে যেনেদৰে অনাথ শিশুসকলৰ দায়িত্ব লৈছে, ঠিক তেনেদৰে কেন্দ্রৰ তৰফৰ পৰা ‘নন ইনষ্টিটিউচনেল চাইল্ড কেয়াৰ’ পুঁজিৰ মাধ্যমেৰে ১০ লক্ষ টকাকৈ প্রতিখন জিলাক দিয়া হৈছে৷ এই অনাথ শিশুসকল সৰবৰাহ হোৱাৰ আশঙ্কাও কৰিছে কেন্দ্রই। সেয়ে ৰাজ্য চৰকাৰবোৰৰ সৈতে আলোচনা কৰি আৰক্ষীক সতর্ক হ’বলৈ কোৱা হৈছে।










