![]()
নিউজ ডেস্কঃ
চাহিদা অনুযায়ী যোগান নিশ্চিত কৰিবলৈ এইবাৰ বিদেশৰ পৰা টীকা ক্ৰয় কৰিবলৈ উদ্যোগী হ’ল দিল্লী চৰকাৰ। তাৰ বাবে আন্তর্জাতিক টীকা উৎপাদনকাৰী কোম্পানীবোৰৰ পৰা নিবিদা বিচাৰিলে চৰকাৰে। দিল্লী চৰকাৰে জনোৱা মতে, সম্প্ৰতি ১ কোটি টীকা কিনিব বিচাৰিছে তেওঁলোকে। সকলো প্রক্রিয়া মানি যিয়ে সোনকালে দিব পাৰিব, তেওঁলোকৰ পৰাই টীকা ক্ৰয় কৰা হ’ব।
উল্লেখ্য, টীকা যোগানত ঘাটিক লৈ ইমান দিনে কেন্দ্রৰ সৈতে বিৰোধ চলিছিল দিল্লী চৰকাৰৰ। আনকি ভাৰত বায়োটেকৰ পৰা পৃথকে কোভেক্সিন কিনিব বিচাৰিলেও কেন্দ্রৰ নিষেধাজ্ঞাৰ বাবে তেওঁলোকে টীকা দিবলৈ ৰাজী নোহোৱাৰ অভিযোগ কৰে দিল্লী চৰকাৰে। ফলত চাহিদা অনুযায়ী যোগান নিশ্চিত কৰিবলৈ বিদেশী কোম্পানীৰ দ্বাৰস্থ হ’ল দিল্লী চৰকাৰ।
অৱশ্যে বিদেশৰ পৰা টীকা ক্ৰয়ৰ ক্ষেত্রতো কঠোৰ নিয়ম মানি চলিবলগা হৈছে চৰকাৰখনে। ভাৰত চৰকাৰৰ অনুমতিপ্রাপ্ত কোম্পানীয়েহে দিল্লীক টীকা যোগান ধৰিব পাৰিব বুলি জনোৱা হৈছে। এই পর্যন্ত ভাৰতত টীকা বিক্ৰীৰ অনুমতি লাভ নকৰিলে, যোগাকাৰী কোম্পানীয়ে নিয়ন্ত্রক সংস্থা আৰু কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা অনুমতি-পত্র আদায় কৰিব লাগিব।
আনহাতে, ৭ জুনৰ বিয়লি ৫টাৰ ভিতৰত বিদেশী টীকা উৎপাদনকাৰী কোম্পানীবোৰে নিবিদা জমা দিব লাগিব বুলি জনাইছে দিল্লী চৰকাৰে।










