![]()
নিউজ ডেস্কঃ
কৰোনাৰ মাজতে এইবাৰ এচিড বৰষুণৰ আশঙ্কাত চৰম সতর্কতা জাৰি হৈছে শ্ৰীলংকাত। ৰাসায়নিক সামগ্ৰী বোজাই কৰা এখন জাহাজ এসপ্তাহ ধৰি জ্বলিছে শ্ৰীলংকাৰ সমুদ্ৰত। তাৰ ফলতেই এচিড বষুণৰ আশঙ্কা সৃষ্টি হৈছে বুলি জনাইছে দেশখনৰ পৰিবেশ বিভাগে। আসন্ন দুর্যোগৰ পৰা দেশবাসীক সতর্ক হৈ থাকিবলৈও কোৱা হৈছে।
উল্লেখ্য, যোৱা সপ্তাহত কলম্বো উপকূলৰ পৰা চাৰে ৯ নটিকেল মাইল দূৰৈত ছিঙ্গাপুৰৰ মালভৰ্তি জাহাজ ‘এমভি এক্সপ্রেছ পার্ল’ত জুই লাগে। গুজৰাটৰ হাজিৰা বন্দৰৰ পৰা প্রসাধন সামগ্ৰী উৎপাদনৰ উপকৰণ আৰু ৰাসায়নিক লৈ কলম্বোলৈ গৈছিল জাহাজখন। ইয়াৰ উপৰি জাহাজৰ টেংকিত ৩২৫ মেট্রিক টন ইন্ধন আছিল। ১ হাজাৰ ৪৮৬টা পাত্রত ৰখা আছিল প্রায় ২৫ টন নাইট্রোজেন ডাইঅক্সাইডা।
জুই আৰু ধোঁৱাৰ সৈতে নির্গত নাইট্রজেন ডাইঅক্সাইডৰ পৰাই এচিড বৰষুণ হ’ব পাৰে বুলি জনাইছে দেশখনৰ সামুদ্রিক পৰিবেশ সুৰক্ষা সংস্থাৰ অধ্যক্ষ দর্শনী লাহান্ডাপুৰাই। বিশেষকৈ উপকূল এলেকাত বসবাসকাৰী মানুহক সতর্ক হৈ থকাৰ নির্দেশ দিছে তেওঁ।










