![]()
নিউজ ডেস্কঃ
অতিমাৰিৰ প্রকোপত যিসকল শিশুই পিতৃ-মাতৃক হেৰুৱাইছে, তেওঁলোকৰ দায়িত্ব ল’ব কেন্দ্রই। পিএম কেয়াৰ্ছ পুঁজিৰ পৰা তেওঁলোকৰ পঢ়া-শুনা, ভৰণ-পোষণৰ বাবে আর্থিক সাহায্য প্ৰদান কৰা হ’ব। শনিবাৰে প্রধানমন্ত্রী কাৰ্যালয়ে চৰকাৰীভাবে এই কথা ঘোষণা কৰে।
পিএমঅ’ৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিত জনোৱা হৈছে, কোভিডৰ ফলত যিসকল শিশুৰ পিতৃ-মাতৃ দুয়োজনৰেই মৃত্যু হৈছে, তেওঁলোকৰ বয়স ১৮ বছৰ হ’লেই পৰৱৰ্তী পাঁচ বছৰ পর্যন্ত তেওঁলোকে মাহিলি ভাট্টা পাব। বয়স ২৩ বছৰ হ’লেই তেওঁলোকক ১০ লাখ টকা দিয়া হ’ব। লগতে জনোৱা হৈছে, ১৮ বছৰ বয়স পর্যন্ত তেওঁলোকে পাঁচ লাখ টকাৰ স্বাস্থ্য বীমাৰ সুবিধা পাব কেন্দ্রৰ আয়ুষ্মান ভাৰত প্রকল্পৰ অধীনত। বীমাৰ প্রিমিয়ামৰ টকাও দিব কেন্দ্রই। তেওঁলোকৰ পঢ়া-শুনাৰ খৰচো দিব চৰকাৰে। উচ্চশিক্ষাৰ বাবে তেওঁলোকে ঋণ ল’ব বিচাৰিলে, সেয়াও দিয়া হ’ব। উক্ত ঋণৰ সুদ-ধনো পিএম কেয়াৰ্ছ পুঁজিৰ পৰা দিয়া হ’ব।
উল্লেখ্য, শনিবাৰে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য সচিবসকলক পত্ৰ দি শিশু সুৰক্ষা আয়োগে জনাইছে, ‘দেশৰ বর্তমান কৰোনা পৰিস্থিতিত যিবোৰ শিশুই পিতৃ বা মাতৃ অথবা পিতৃ-মাতৃ দুয়োজনকেই হেৰুৱাইছে, তেওঁলোকৰ তথ্য সোনকালে পোর্টেলত নথিভুক্ত কৰিব লাগিব সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে। নথিভুক্ত শিশুসকলৰ যাতে কোনো সমস্যা নহয় সেই দিশত নজৰ ৰাখিব আয়োগে৷’










