![]()
নিউজ ডেস্কঃ
কৰোনাৰ দ্বিতীয় ঢৌউৰ বাবে প্রস্তুত নথকাত কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছে সমগ্ৰ দেশে। এফালে ক্ৰমাৎ বৃদ্ধি পোৱা কৰোনা সংক্রমণ, আনফালে হস্পিটেলত বিছনা, অক্সিজেনৰ হাহাকাৰ দেখা গৈছে দেশজুৰি। সেই কাৰণেই তৃতীয় ঢৌৰ কথা মনত ৰাখি আগতীয়া প্রস্তুতি লৈছে মহাৰাষ্ট্রই।
উল্লেখ্য, বিগত কেইবাটাও দিনত দৈনিক সংক্রমণৰ গ্রাফ নিম্নমুখী হৈছে। ৬০ হাজাৰৰ পৰা নামি বৰ্তমান ২০ হাজাৰ হৈছে দৈনিক সংক্ৰমণ। কিন্তু শিশুসকলৰ আক্রান্তৰ হাৰ বৃদ্ধিত আশঙ্কা বাঢ়িছে চিকিৎসকসকলৰ। গণনা অনুযায়ী, চলিত মাহত মহাৰাষ্ট্রৰ আহমদনগৰ জিলাতে কৰোনা আক্রান্ত হৈছে ৮ হাজাৰ শিশু। তথ্যই কৈছে, মুঠ আক্রান্তৰ ভিতৰত ১০ শতাংশই শিশু। তৃতীয় ঢৌত শিশুসকলক লৈ উদ্বেগ প্রকাশ কৰিছে চিকিৎসকসকলে।
দ্বিতীয় ঢৌৰ তুলনাত তৃতীয় ঢৌত বাঢ়িব পাৰে আক্রান্তৰ হাৰো। মহাৰাষ্ট্রৰ আহমদনগৰৰ জিলা উপায়ুক্তই জনোৱা মতে, তৃতীয় ঢৌ ৰুধিবলৈ শিশুসকলৰ কথা বিশেষভাবে মনত ৰাখি তেওঁলোকে বিভিন্ন পৰিকল্পনা বাস্তৱায়নৰ দিশত আগবাঢ়িছে। জুলাই বা আগষ্টৰ পূৰ্বেই শিশুসকলৰ বাবে চিকিৎসালয়ত পৃথক কোভিড ৱার্ড গঢ়াৰ লক্ষ্য আছে তেওঁলোকৰ। ইতিমধ্যে আৰম্ভ হৈ গৈছে প্রস্তুতি। আনকি অক্সিজেন, বিছনাৰ যাতে কোনো ঘাটি দেখা নিদিয়ে, তাৰ প্রস্তুতিও আৰম্ভ কৰা হৈছে।










