![]()
নিউজ ডেস্কঃ
কৰোনা পৰিস্থিতিত সকলোৱেই গৃহবন্দী। পঢ়া-শুনা চলিছে অনলাইনত। একেবাৰে প্রাথমিকৰ পৰা উচ্চশিক্ষা, সকলোতেই ইন্টাৰনেটৰ মাধ্যম ব্যৱহাৰ কৰিবলগা হৈছে শিক্ষাৰ্থীসকলে। ইমান দিনৰ অভ্যাস বহুখিনি সলনি কৰিবলগা হৈছে এই কেইদিনতে। কিন্তু কাশ্মীৰৰ এগৰাকী এটি কণমানি শিক্ষাৰ্থী পঢ়াৰ হেঁচাত কাবু হৈ পৰিছে। একেৰাহে শ্ৰেণী, ঘৰত বহি পঢ়া-শুনা, সকলো মিলাই ‘চাপ’ বাঢ়ি গৈছে। সেয়ে প্ৰধানমন্ত্ৰীলৈ তেওঁৰ পোনপটীয়া অভিযোগ, ‘কণমানি শিশুৰ বাবে ইমান কাম কিয় ৰাখিছে মোদী চাহাব৷ ইমান কামতো ডাঙৰ শিশুৰ কাৰণেহে ৷’
এই অভিযোগ কাশ্মীৰৰ এটি কণনামি শিশুৰ৷ ৬ বছৰীয়া কণমানিজনীয়ে টুইটাৰত ভিডিওযোগে পোষ্ট কৰিছে এই অভিযোগ।
ভাইৰেল হোৱা ভিডিওটোত দেখা গৈছে কণমানিজনীয়ে ক’বলৈ আৰম্ভ কৰিছে, ‘‘ইংৰাজী, অঙ্ক, উর্দু, পৰিবেশবিদ্যা আৰু কম্পিউটাৰ পঢ়িবলগা হয় মই। শিশুসকলৰ বাবে অতি খাটনিৰ কাম। কিয় শিশুসকলে ইমান খাটিব লাগে মোদী চাহাব?’’
ইতিমধ্যে ছচিয়েল মিডিয়াত ভিডিওটি ৫৭ হাজাৰবাৰ চোৱা হৈছে। ৫ হাজাৰ লোকে পছন্দ কৰিছে ভিডিওটি।










