![]()
নিউজ ডেস্কঃ
সাগৰ ৰাণা হত্যাকাণ্ডৰ তদন্ত চপাই অনাৰ বাবে এইবাৰ সুশীল কুমাৰক হৰিদ্বাৰলৈ লৈ গ’ল দিল্লী আৰক্ষীয়ে। সংবাদ সংস্থাৰ খবৰ মতে, সোমবাৰে তেওঁক হৰিদ্বাৰলৈ নিয়া হৈছে। উল্লেখ্য, সাগৰ হত্যাৰ পিছত হৰিদ্বাৰলৈ পলাই গৈছিল সুশীল কুমাৰ। তেওঁক ঘটনাস্থলীলৈ নি সোধাপোছা কৰা হৈছে।
কিন্তু সুশীলৰ বিৰুদ্ধে আৰু মাৰাত্মক অভিযোগ হ’ল, তেওঁ পলাই যোৱাৰ সময়ত ঘটনাৰ তথ্য-প্রমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল। প্রথমে ইচ্ছা কৰি ঘটনাৰ ভিডিও কৰিলেও পিছত সেয়া বিয়পি পৰাত সুশীল কুমাৰে বুজি পায় যে তেওঁ বিপদত পৰিবলৈ আগবাঢ়িছে। সেয়ে নিজৰ মোবাইল আৰু অন্য যি ভিডিও ফুটেজ আছিল সেয়া তেওঁ নষ্ট কৰাৰ চেষ্টা কৰে। ইয়াৰ বাবে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২০১ ধাৰাত অভিযুক্ত কৰিবলৈ আগবাঢ়িছে আৰক্ষী।
আৰক্ষীৰ মতে, সুশীল কুমাৰে য’ত য’ত পলাই ফুৰিছিল, প্রত্যেক স্থানলৈকে যোৱা হ’ব। যিহেতু সাগৰ-হত্যাৰ পিছত প্রথম তেওঁ গৈছিল হৰিদ্বাৰলৈ, সেয়ে তালৈকে প্ৰথমতে যোৱা হৈছে। অপৰাধ দমন শাখাই প্রথমে সুশীলৰ মোবাইলৰ সন্ধান কৰাৰ চেষ্টা কৰিব, যিটো তেওঁ হৰিদ্বাৰত পেলাই দিছিল। তাৰ উপৰি, হত্যাৰ সময়ত সুশীলে যি পোছাক পিন্ধিছিল সেয়া এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে। তেওঁলোকৰ ধাৰণা, সেয়াও হৰিদ্বাৰতে পোৱা যাব পাৰে।










