![]()
নিউজ ডেস্কঃ
কোভিডৰ চিকিৎসাৰ বাবে উৎপাদিত ২-ডিজি ঔষধ কেনেদৰে ব্যৱহাৰ কৰিব লাগিব সেয়া জনালে ডিআৰডিওই। ডিআৰডিওৰ ইনষ্টিটিউট অব নিউক্লিয়াৰ মেডিচিন এণ্ড এলায়েড ছায়েন্সেছে (ইনমাছ) কোভিডৰ যি ঔষধ উৎপাদন কৰিছে তাৰ এটি পেকেটৰ মূল্য ৯৯০ টকা। ৰেড্ডি’জ লেবৰ সৈতে যৌথ উদ্যোগত এই ঔষধটি তৈয়াৰ কৰা হৈছে।
এই ঔষধ আহিব পেকেটত, পাউডাৰৰ আকাৰত। যাক পানীত মিহলাই খাব লাগিব। মানুহৰ শৰীৰত ভাইৰাছ দ্রুতভাৱে বিয়পি পৰা, ক্রমাগত বৃদ্ধি ৰুধিব এই ঔষধে। ২০২০ৰ এপ্রিলত ডিআৰডিও আৰু ইনমাছৰ বিজ্ঞানীসকলে ২-ডিজিৰ ওপৰত গৱেষণা আৰম্ভ কৰে। ২০২০ৰ মে’ত দ্বিতীয় পর্যায়ৰ ক্লিনিকেল ট্রায়েল আৰম্ভ কৰে আৰু মে’-অক্টোবৰ পর্যন্ত ট্রায়ালত দেখা যায় ২-ডিজি নিৰাপদ আৰু কোভিড ৰোগীসকল সুস্থ হৈ উঠাৰ ক্ষেত্রত কার্যকৰী। ক্লিনিকেল ট্রায়েলত উত্তীৰ্ণ হোৱাৰ পিছতেই এই ঔষধক অনুমতি-পত্র দিয়ে ভাৰতৰ ঔষধ নিয়ন্ত্রক সংস্থাই।
এই ঔষধ ব্যৱহাৰৰ নির্দেশবোৰ হ’ল :
২-ডিজি হস্পিটেলত ভর্তি কোভিড ৰোগীসকলৰ চিকিৎসাত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদিত।
২-ডিজি যিমান ততাতৈয়াকৈ সম্ভৱ মজলীয়া আৰু বেছি উপসর্গৰ আক্রান্তসকলক সর্বোচ্চ ১০ দিনৰ ম্যাদত দিয়া উচিত।
অনিয়ন্ত্রিত ডায়েবেটিছ, গুৰুতৰ কার্ডিয়াক সমস্যা, তীব্র শ্বাসযন্ত্রৰ সমস্যা, গুৰুতৰ হেপাটিক আৰু কিডনিৰ সমস্যা থকা লোকৰ ওপৰত ২-ডিজি পৰীক্ষা কৰা হোৱা নাই। গতিকে এই ক্ষেত্রত সতর্কতা অৱলম্বন কৰা উচিত।
গর্ভৱতী আৰু স্তন্যদানকাৰী মহিলা আৰু ১৮ বছৰৰ কম বয়সৰ ৰোগীসকলক ২ ডিজি দিয়া উচিত নহয়।
ডিআৰডিওই জনাইছে, চিকিৎসকে প্রেছক্রিপচনত এই ওষুধ লিখিলেহে একমাত্র তেনে ৰোগীকহে দিব পৰা যাব। এই ঔষধ পাবলৈ হস্পিটেলবোৰে ৰিড্ডি’জ লেবৰ সৈতে যোগাযোগ কৰিব লাগিব। ৰোগী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে সংশ্লিষ্ট হস্পিটেলক এই বিষয়ে ক’ব লাগিব।












