![]()
নিউজ ডেস্কঃ
অতিমাৰীৰ প্রভাৱত কর্মসংস্থাপন আৰু উপাৰ্জনৰ দিশত কিমান ক্ষতি হৈছে তাৰ খতিয়ান দিলে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকন’মিয়ে (চিএমআইই)। চিএমআইইৰ মুখ্য কাৰ্যবাহী মহেশ ব্যাসে কৈছে, কৰোনাৰ দ্বিতীয় ঢৌত প্রায় ১ কোটি ভাৰতীয় কর্মহীন হৈছে। আৰু যোৱা বছৰ অতিমাৰী আৰম্ভণিৰ সময়ৰ পৰা উপাৰ্জন কমি গৈছে প্ৰায় ৯৭ শতাংশ পৰিয়ালৰ।
এপ্রিলত নিবনুৱাৰ হাৰ আছিল ৮ শতাংশ যিটো মে’ মাহৰ শেষত হৈছে ১২ শতাংশ। ইয়াৰ ফলতেই নতুনকৈ ১ কোটি লোকে কর্মসংস্থাপন হেৰুৱাইছে বুলি পিটিআইক জনাইছে ব্যাসে। তেওঁ ইয়াকো কয় যে কৰোনা পৰিস্থিতি স্বাভাৱিক হোৱা আৰম্ভ হ’লে কর্মসংস্থাপন পৰিস্থিতি কিছু শুধৰিব কিন্তু সকলো নহয়। কাৰণ অসংগঠিত আৰু অস্থায়ী কামৰ ক্ষেত্রত দ্রুতভাৱে কাম ঘূৰাই পোৱা যায় কিন্তু স্থায়ী আৰু ডাঙৰ চাকৰি ঘূৰাই পাবলৈ প্ৰায় এবছৰ লাগে। ব্যাসে কয়, ভাৰতীয় অর্থনীতিৰ ক্ষেত্রত ৩-৪ শতাংশ নিবনুৱাৰ হাৰ ‘স্বাভাৱিক’।
দেশৰ প্রায় ১.৭৫ লাখ পৰিয়ালৰ ওপৰত সমীক্ষা চলাইছিল চিএমআইইয়ে। তাতেই আয় সঙ্কোচনৰ ভয়াৱহ পৰিসংখ্যা ধৰা পৰিছে। মাত্র ৩ শতাংশ পৰিয়ালে কৈছে, তেওঁলোকৰ আয় বাঢ়িছে। ৫৫ শতাংশই উপাৰ্জন কমি যোৱাৰ কথা জনোৱাৰ বিপৰীতে ৪২ শতাংশই যোৱা বছৰৰ তুলনাত উপাৰ্জন একেই থকাৰ কথা কৈছে। যোৱা বছৰৰ পৰিসংখ্যা যোগ কৰিলে সেই ৯৭ শতাংশই হয়।












