![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় শিশু আৰু মহিলা কল্যাণ মন্ত্রালয়ে জনাইছিল, এপ্রিল-মে’ মাহত দেশত কোভিডৰ ফলত ৫৭০টি শিশুই পিতৃ-মাতৃক হেৰুৱাইছে। বিশেষজ্ঞসকলে জনাইছিল, এই সংখ্যা তাতকৈও বেছি। এইবাৰ সেয়াই প্রমাণিত হ’ল। মঙ্গলবাৰে ছুপ্রিম কোর্টত শপতনামা দি ৰাষ্ট্ৰীয় শিশু অধিকাৰ ৰক্ষা আয়োগে (এনচিপিচিআৰ) জনালে, মহামাৰিত ৯,৩৪৬টি শিশুই পিতৃ-মাতৃক হেৰুৱাইছে।
শপতনামাত কোৱা হৈছে, এওঁলোকৰ ভিতৰত ১,৭৪২টি শিশুই পিতৃ-মাতৃ দুয়োকেই হেৰুৱাইছে। ৭,৪৬৪টি শিশুই পিতৃ অথবা মাতৃক হেৰুৱাইছে। ২০২০ চনৰ মার্চৰ পৰা ২০২১ চনৰ মে’ পর্যন্ত ১৪০টি শিশুক তেওঁলোকৰ পিতৃ-মাতৃয়ে পৰিত্যাগ কৰিছে।
এই অনাথ, গৃহহীন শিশুসকলৰ বয়স ১৭ বছৰৰ ভিতৰত। ৭৮৮টি শিশুৰ বয়স ৩ বছৰৰ কম। এওঁলোক সকলোতকৈ বেছি দুর্বল। এওঁলোকৰ যত্নৰ প্রয়োজন বুলি চিহ্নিত কৰিছে কেন্দ্রই। এই বয়সৰ শিশু সকলোতকৈ বেছি আছে উত্তৰ প্রদেশত। ইয়াৰ উপৰি ৪–৭ বছৰৰ শিশু আছে ১,৫১৫টি। ৮-১৩ বছৰীয়া শিশু ৩,৭১১টি। ১,৬২০টি ১৪-১৫ বছৰৰ আৰু ১,৭১২টি ১৬-১৭ বছৰীয়া।
আয়োগে আৰু জনাইছে, এই শিশুসকলৰ ভিতৰত ১,২২৪টি অভিভাৱকৰ ওচৰত আছে। ৩১টিক শিশুগৃহলৈ পঠোৱা হৈছে। ৯৮৫টিৰ কোনো আইনসঙ্গত অভিভাৱক নাই। অৱশ্যে তেওঁলোক পৰিয়ালৰ অন্য সদস্যসকলৰ কাষত আছে। আৰু ৬,৬১২টি আছে পিতৃ অথবা মাতৃৰ ওচৰত।
আয়োগে জনাইছে, শিশুসকলৰ নাম নথিভুক্ত কৰা হৈছে ‘বাল স্বৰাজ’ নামৰ নতুন এটি পোর্টেলত। উক্ত পোর্টেলৰ মাধ্যমেৰেই তেওঁলোকক কেন্দ্রীয় প্রকল্পৰ সুযোগ-সুবিধা দিয়া হ’ব।












