![]()
নিউজ ডেস্কঃ
বাবা ৰামদেৱৰ এলোপেথি ঔষধ সন্দৰ্ভত কৰা মন্তব্যৰ প্রতিবাদত ১ জুনত ‘ক’লা দিৱস’ পালন কৰে সর্বভাৰতীয় চিকিৎসক সংগঠনবোৰে। দ্য ফেডাৰেচন অব ৰেছিডেন্ট ডক্টৰ্ছ এছোচিয়েচনে (ফোৰডা) এই ক’লা দিৱস পালনৰ আহ্বান জনাইছিল। তেওঁলোকৰ এই প্রতিবাদক সমর্থন জনায় ইণ্ডিয়ান মেডিকেল এছোচিয়েচন (আইএমএ)সহ অন্য সংগঠনবোৰেও।
উল্লেখ্য, এলোপেথি ঔষধ সম্পৰ্কত যোগগুৰু ৰামদেৱৰ বক্তব্যক ‘অৱমাননাকাৰী আৰু বিৰক্তিকৰ মন্তব্য’ বুলি অভিহিত কৰিছে ফোৰডাই। অৱশ্যে দেশজুৰি মঙ্গলবাৰে ক’লা দিৱস পালন হ’লেও ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যাঘাত ঘটিব দিয়া নাই বুলি জনাইছে তেওঁলোকে। ফোৰডাৰ দাবী, ৰামদেৱে যদি নিজৰ মন্তব্যৰ বাবে জনমানসত ক্ষমা নিবিচাৰে, তেনেহ’লে তেওঁৰ বিৰুদ্ধে মহামাৰী ৰোগ আইন, ১৯৮৭ৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।












