![]()
নিউজ ডেস্কঃ
দেশত কোভিড টীকাৰ কোনো ঘাটি নাই বুলি জনালে কেন্দ্রীয় চৰকাৰে। জুলাই বা আগষ্টৰ আৰম্ভণিতে প্রতিদিনে ১ কোটি লোকক টীকা দিয়াৰ বাবে পর্যাপ্ত টীকা থাকিব বুলি মঙ্গলবাৰে জনালে আইচিএমআৰৰ সঞ্চালক প্ৰধান বলৰাম ভার্গৱে। তেওঁ লগতে জনাইছে যে কেন্দ্রীয় চৰকাৰ ডিচেম্বৰৰ ভিতৰত দেশৰ সকলো নাগৰিকক টীকা দিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ।
জিলাবোৰৰ পৰা কোভিড বাধা-নিষেধ তোলাৰ বিষয়ত বলৰাম ভার্গৱে কয়, সংক্রমণৰ হাৰ এসপ্তাহৰ বাবে ৫ শতাংশৰ তলত হোৱা উচিত। ৭০ শতাংশৰো বেছি সম্ভাৱনাপূর্ণ জনগণক টীকা দিয়া উচিত। কেন্দ্রীয় চৰকাৰে কয় যে দেশৰ ৩৪৪খন জিলাত সংক্রমণৰ হাৰ ৫ শতাংশৰো কম। ৩০খন ৰাজ্যত বিগত সপ্তাহৰ পৰা সক্রিয় কোভিড ৰোগীৰ সংখ্যা কমিছে।
৭ মে’ শীৰ্ষত উপনীত হোৱাৰ পিছত সংক্রমণ প্রায় ৬৯ শতাংশ কমিছে বুলিও জনাইছে কেন্দ্রই।












