![]()
নিউজ ডেস্কঃ
ঢিলা পোছাকত আৰু অফিচত প্ৰৱেশ কৰিব নোৱাৰিব, পিন্ধিব নোৱাৰিব জিনছ, টিশ্বার্ট। অফিচত সোমাব লাগিব ফিটফাট আৰু নিৰ্দিষ্ট পোছাক পিন্ধিহে। দাড়িও ৰাখিব নোৱাৰিব। চিবিআইৰ কর্মচাৰীসকলৰ বাবে এই বিধান দিলে সদ্য নিযুক্ত সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালে। উল্লেখ্য, ২৫ মে’ত তেওঁ চিবিআইৰ সঞ্চালক পদত অধিষ্ঠিত হয়।
অফিচলৈ কি পিন্ধি আহিব লাগিব, সেয়া স্পষ্ট কৰি নির্দেশনা পঠোৱা হৈছে চিবিআইৰ সকলো কাৰ্যালয়লৈ। নতুন পোছাকবিধিত কোৱা হৈছে, পুৰুষ কর্মচাৰীসকলে শ্বার্ট, ফর্মেল ট্রাউজাৰ, জোতা পৰিধান কৰি অফিচত প্ৰবেশ কৰিব পাৰিব। গোঁফ, দাড়ি কাটি আহিব লাগিব। স্পর্টছ জোতা, কেজুৱেল টিশ্বার্ট পিন্ধিব নোৱাৰিব। মহিলা কর্মচাৰীসকলে শাড়ি, চেলোৱাৰ–কামিজ বা শ্বার্ট–ট্রাউজাৰ পিন্ধিব লাগিব। জিনছ পিন্ধিব নোৱাৰিব।
দেশৰ সকলো চিবিআই কাৰ্যালয়ে এই বিধি মানিব লাগিব। নিয়ম পালন হৈছেনে নাই, তাক চোৱাৰ দায়িত্ব কাৰ্যালয়টোৰ শীৰ্ষ বিষয়াৰ ওপৰত ন্যস্ত থাকিব। উল্লেখ্য, নাম প্রকাশত অনিচ্ছুক এগৰাকী বিষয়াৰ মতে, বিগত কেইবছৰমান ধৰি বহুতেই ‘কেজুৱেল’ পোছাক পিন্ধি অফিচলৈ অহা আৰম্ভ কৰিছিল। সেই দিশৰ পৰা এয়া অতি গুৰুত্বপূৰ্ণ নির্দেশ।












