![]()
নিউজ ডেস্কঃ
উঠা-বহি খেলি আছিল কেইটামান শিশুই। তাৰ পিছতে হঠাৎ উধাও এটি শিশু। চাৰিওফালে হাহাকাৰ লাগি পৰে। শিশুটিৰ সন্ধানত নামি পৰে সেনা, আৰক্ষী, বনকর্মী। কিন্তু তথাপি সন্ধান নাই শিশুটিৰ। অৱশেষত পিছদিনা পুৱা পোৱা গ’ল ৪ বছৰীয়া শিশুটিৰ ছিন্নভিন্ন মৃতদেহ। চিতা বাঘে ডাঙি নি ভক্ষণ কৰে শিশুটিক ! ঘটনাটি কাশ্মীৰৰ বদগামৰ।
জানিব পৰা মতে, এই দুৰ্ভগীয়া শিশুটিৰ নাম আঢা চাকিল। তেওঁৰ পিতৃৰ নাম চাকিল আহমেদ। বদগামৰ ওমপোৰাৰ বাসিন্দা তেওঁলোক। বৃহস্পতিবাৰে সন্ধিয়া সময়ত সমনীয়াৰ সৈতে উঠা-বহা খেলি আছিল শিশুটিয়ে। তেতিয়াই তাক ডাঙি লৈ যায় চিতা বাঘে। বসতিস্থানৰ ওচৰতেই আছে ঘন জংঘল। তাৰ পৰাই প্রায়েই বন্য জন্তুৱে আক্ৰমণ চলায় লোকালয়ত। চিতা বাঘো আহে মাজে-সময়ে। স্থানীয় লোকসকলৰ অভিযোগ, বন বিভাগক এই সন্দৰ্ভত জনাইও কোনো লাভ হোৱা নাই।
শিশুটি নিখোঁজ হোৱাৰ পিছত খবৰ দিয়া হয় থানাত। সন্ধিয়া সময়ত সেনা, আৰক্ষী, বন বিভাগৰ লোকে তালাচী আৰম্ভ কৰে। এলেকাটোত তেজৰ দাগ দেখা পায় স্থানীয় লোকসকলে। তাৰ পৰাই তেওঁলোকৰ সন্দেহ হয়, চিতা বাঘে নিছে শিশুটিক। তেওঁলোকৰ অনুমানেই সঠিক হয়। শুক্রবাৰে পুৱা ওমপোৰাৰ সংলগ্ন জংঘলৰ কাষতেই লাভ কৰা হয় শিশুটিৰ মৃতদেহ।












