![]()
নিউজ ডেস্কঃ
জে’লৰ পৰা ওলায়েই প্রধানমন্ত্রীক হত্যাৰ ভাবুকি দিছিল এজন যুৱকে। ফলত পুনৰ গ্রেপ্তাৰ কৰা হয় যুৱকজনক।
দিল্লীৰ খাজুৰি খাচ এলেকাৰ উক্ত ঘটনাত গ্রেপ্তাৰ হোৱা যুৱকজনে পুনৰ জে’ললৈ যাব বিচাৰিছিল বুলি জনায় দিল্লী আৰক্ষীয়ে। জামিন পোৱাৰ পিছতেই তেওঁ বৃহস্পতিবাৰে নিশা ফোন কৰে স্থানীয় থানালৈ। তেওঁ কয়, ‘‘মই প্রধানমন্ত্রীক হত্যা কৰিব বিচাৰো।’’ আৰক্ষীয়ে তাৰ কিছু সময় পিছতেই যুৱকজনৰ সন্ধান উলিয়াই পুনৰ গ্রেপ্তাৰ কৰে।
২২ বছৰীয়া যুৱকজনৰ নাম চলমন। জেৰাত তেওঁ আৰক্ষীক জনায় যে জামিনত মুক্তি পালেও পুনৰ জে’ললৈয়ে যাব বিচাৰিছিল তেওঁ। সেয়ে থানালৈ ফোন কৰি মোদীক হত্যাৰ ভাবুকি দিয়ে। প্রধানমন্ত্রীক হত্যাৰ ভাকি দিলে যে গ্রেপ্তাৰ হ’বই, সেই বিষয়ত এক প্ৰকাৰ নিশ্চিত আছিল চলমন। অৱশ্যে কিয় তেওঁ মুক্তি পায়ো পুনৰ জে’ললৈ ঘূৰি যাব বিচাৰিছিল, সেই প্রশ্নৰ উত্তৰ দিয়া নাই আৰক্ষীয়ে।
আৰক্ষীয়ে জনাইছে, চলমনৰ বিৰুদ্ধে একাধিক গোচৰ আছে। কিন্তু সেই অপৰাধৰ তালিকাত প্রধানমন্ত্রী নৰেন্দ্র মোদীক হত্যাৰ ভাবুকি সংযোগ হোৱাত এইবাৰ কেন্দ্রীয় চোৰাংচোৱা বিভাগৰ জিম্মালৈ নি জেৰা কৰা হ’ব চলমনক।












