![]()
নিউজ ডেস্কঃ
এক দৃষ্টান্ত স্থাপন কৰিলে মহাৰাষ্ট্রৰ আহমেদনগৰৰ বাসিন্দা মুছলিম ধর্মাবলম্বী ব্যক্তি বাবাভাই পাঠানে। পিতৃৰ মৃত্যুৰ পিছত আলৈ আথানি হয় তেওঁৰ প্রতিবেশী দুই হিন্দু ভগ্নীৰ। তেতিয়া তেওঁলোকৰ সহায়ৰ বাবে আগুৱাই আহে উক্ত মুছলিম ধর্মালম্বী লোকজন। দুই ভগ্নীক নিজৰ ভনী হিচাবে আঁকোৱালি লয় বাবাভাইয়ে।
ইয়াৰ পিছত তেওঁলোকক ডাঙৰ-দীঘল কৰাৰ পৰা আৰম্ভ কৰি নিজৰ জমা ধন খৰচ কৰি সেই দুই অনাথ ভগ্নীক হিন্দু ৰীতি মতেই বিয়াও দিয়ে তেওঁ। আৰিফ শ্বাহ নামৰ এজন সাংবাদিকে নিজৰ টুইটাৰ একাউন্টত বাবাভাই আৰু তেওঁৰ পৰিয়াল আৰু দুই হিন্দু ভগ্নীৰ বিভিন্ন মুহূর্তৰ ছবি পোস্ট কৰে।
বাবাভাইৰ এই উদ্যোগক প্রশংসা কৰিছে সকলোৱে। ধর্মীয় গোড়ামি ভাঙি দুই ভগ্নীৰ প্রকৃত ভাতৃ হৈ নিজৰ দায়িত্ব পালন কৰে আহমেদনগৰৰ এইজন ব্যক্তিয়ে।
টুইটাৰত এজন ব্যক্তিয়ে এই সন্দৰ্ভত লিখিছে “তেৱেঁই (বাবাভাই) প্রকৃত ভাৰতীয়। ভাৰতীয় সংস্কৃতিয়ে আমাক এই শিক্ষাই দিয়ে।” আৰু এজন ব্যক্তিয়ে লিখিছে ”বাবাভাইৰ এই কাম অত্যন্ত প্রশংসনীয়। ধর্ম-বর্ণ নির্বিশেষে আমি মনুষ্যত্বক জাগ্রত কৰা উচিত। মানুহৰ কাষত থিয় দিয়া উচিত।”












