![]()
নিউজ ডেস্কঃ
কৰোনা ভাইৰাছৰ ফলত দেশৰ সংক্রমণ কমিলেও দৈনিক মৃত্যু কমাৰ যেন কোনো লক্ষণেই নাই। বিগত ২৪ ঘণ্টাত সেয়া আছিল ৩ হাজাৰ ৩৮০। অৱশ্যে বৃহস্পতি আৰু শুক্রবাৰে মৃত্যু হৈছিল যথাক্রমে ২ হাজাৰ ৭১৩ আৰু ২ হাজাৰ ৮৮৭। দেশৰ দৈনিক মৃত্যুৰ চাৰিভাগৰ তিনি ভাগেই হৈছে মাত্র ৬খন ৰাজ্যৰ পৰা। আৰু অর্ধেকৰ বেছি হৈছে মাত্র ৩খন ৰাজ্যৰ পৰা।
বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত মৃত্যু হৈছে ১ হাজাৰ ৩৭৭ জনৰ। কর্নাটকত ৩৬৪ আৰু তামিলনাডুত ৪৬৩। বিগত ২৪ ঘণ্টাত এই তিনিখন ৰাজ্যৰ পৰা মৃত্যু হৈছে ২ হাজাৰ ২০৪ জনৰ। অর্থাৎ শনিবাৰে দৈনিক মৃত্যুৰ প্রায় ৬৫ শতাংশ হৈছে মহাৰাষ্ট্র, তামিলনাডু আৰু কর্নাটকৰ পৰা। মৃত্যুৰ হিচাবত এই তিনিখন ৰাজ্যৰ পিছতেই কেৰালা, উত্তৰ প্রদেশ আৰু পশ্চিমবঙ্গ। এই তিনিখন ৰাজ্যত দৈনিক মৃত্যু আছে ১০০ৰো বেছি। বিগত ২৪ ঘণ্টাত কেৰালাত ১৩৫ জন, উত্তৰ প্রদেশত ১৩৬ জন আৰু পশ্চিমবঙ্গত ১১৩ জনৰ মৃত্যু হৈছে। অর্থাৎ এই ছয়খন ৰাজ্যৰ পৰাই বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২ হাজাৰ ৫৮৮ জনৰ। যিটো দেশৰ দৈনিক মৃত্যুৰ প্রায় ৭৬ শতাংশৰ দৰে।
এই ছয়খন ৰাজ্যৰ উপৰি অন্ধ্রপ্রদেশ (৮৩), পঞ্জাব (৮৭), হাৰিয়ানাত (৭৩) দৈনিক প্রাণহানিৰ সংখ্যা উল্লেখযোগ্য। ইয়াৰ উপৰি উত্তৰাখণ্ড (৫৮), অসম (৫৪), মধ্যপ্রদেশ (৫০), দিল্লী (৫০), ৰাজস্থানত (৪০) দৈনিক মৃত্যু সংখ্যা আছে ৫০ৰ আশেপাশে।












