![]()
নিউজ ডেস্কঃ
‘চাইকেল গার্ল’ জ্যোতি কুমাৰীৰ পঢ়া-শুনাৰ সকলো খৰচ বহন কৰিব প্রিয়ঙ্কা গান্ধী ভদ্ৰাই। অৱশ্যে প্রকাশ্যে এই কথা জনোৱা নাই তেওঁ। নীৰৱে ফোনতেই জ্যোতিৰ সৈতে কথা পতাৰ সময়ত তেওঁ কয়, কোনো চিন্তা নকৰাকৈ পঢ়া-শুনা চলাই যাবলৈ। তেওঁ আৰু ভাতৃ-ভগ্নীৰ পঢ়া-শুনাত কোনো সমস্যা হ’লে তেওঁক কাষত পাব জ্যোতিয়ে। সম্প্রতি এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত জ্যোতিয়ে সমগ্ৰ বিষয়টো জনায়।
উল্লেখ্য, যোৱা বছৰ কৰোনাৰ বাবে লকডাউনৰ সময়ত অসুস্থ পিতৃক চিকিৎসাৰ বাবে চাইকেল চলাই ১২০০ কিঃমি পথ অতিক্রম কৰিছিল জ্যোতিয়ে। হাৰিয়ানাৰ পৰা বিহাৰলৈ চিকিৎসাৰ বাবে দৌৰি গৈছিল তেওঁ। লকডাউনৰ সময়ত তেওঁৰ সেই ইচ্ছাশক্তিৰ কাহিনীয়ে দেশবাসীৰ চকুত পানী আনিছিল। তাৰ পিছত কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ পৰা সামান্য সাহায্য পালেও, জ্যোতিৰ পৰিয়ালৰ কথা মনত ৰখা নাই ৰোনোৱে। কিছুদিন আগতে জ্যোতিৰ পিতৃ মোহন পাছোৱানৰ হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয়। সেই সময়ত স্থানীয় এজন কংগ্রেছ নেতাক জ্যোতিৰ ঘৰলৈ পঠায় প্রিয়ঙ্কা গান্ধীয়ে। কংগ্রেছ নেতাজনৰ জৰিয়তে কথা হয় জ্যোতিৰ সৈতে। পৰিয়ালৰ অৱস্থা আৰু অনিশ্চিত ভৱিষ্যতৰ কথা জনাৰ পিছতেই কিশোৰী জ্যোতিক আশ্বস্ত কৰে প্রিয়ঙ্কা গান্ধীয়ে। জ্যোতিয়ে জনায়, ভৰসাখিনি পায়েই সুখী তেওঁ। এইবাৰ নিশ্চিন্তে পঢ়া-শুনা চলাই যাব তেওঁ।












