![]()
নিউজ ডেস্কঃ
দেশৰ মাত্র ৩ শতাংশ মানুহে টীকা লাভ কৰিছে। সেয়ে জি-৭ বৈঠকত ‘ভেকচিন পাছপোর্ট’ সম্পর্কে বিৰোধ মত পোষণ কৰিলে ভাৰতে। বৈঠকত স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে জনালে, এই উদ্যোগ প্রবলভাবে বৈষম্যমূলক।
পৃথিৱীৰ উন্নত আৰু ধনী সাতখন দেশৰ বৈঠকত এই বছৰ অতিথি ভাৰত। টীকাৰ অভাৱ আৰু উন্নয়নশীল দেশবোৰৰ টীকাকৰণৰ নিম্ন হাৰৰ বিষয়টি দাঙি ধৰে স্বাস্থ্যমন্ত্রীগৰাকীয়ে। তেওঁ কয়, ‘অতিমাৰীৰ এই পর্যায়ত ভেকচিন পাছপোর্ট সম্পর্কে ভাৰতৰ আশঙ্কাক লৈ আলোচনাও প্রাসঙ্গিক। উন্নত দেশবোৰত যি হাৰত টীকাকৰণ হৈছে, উন্নয়নশীল দেশবোৰত তাতকৈ বহু কম। এই বৈষম্যৰ বিষয়টি সন্দৰ্ভত এতিয়াও কোনো আলোচনা-বিলোচনা হোৱা নাই।
হর্ষ বর্ধনে কয়, যিমান দিনলৈকে নিৰাপদ আৰু কার্যকৰী টীকা সুষমভাবে আবণ্টন নহয়, সিমান দিনলৈকে ভেকচিন পাছপোর্ট বিষয়টি বৈষম্যমূলক আৰু উন্নয়নশীল দেশবোৰৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব। আমেৰিকা আৰু ব্রিটেইনসহ বহু কেইখন দেশে ভেকচিন পাছপোর্টৰ পক্ষত মাতমাতি আহিছে, যিয়ে তেওঁলোকৰ দেশৰ নাগৰিকসকলক বিদেশলৈ যোৱা আৰু অন্যসকলক তেওঁলোকৰ দেশলৈ অহাৰ পথ সুগম কৰিব। ইউৰোপীয় ইউনিয়নেও পর্যটকসকলৰ বাবে ভেকচিন ট্রেভেল ডকুমেন্ট আৰম্ভ কৰাৰ কথা ভাবিছে।












