নিউজ ডেস্কঃ
বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৰাজ্যবাসীলৈ এক ভাল খবৰ। বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ১১টা ৰুদ্ৰাক্ষ গছৰ পুলি ৰোপন কৰি দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা প্ৰক্ৰিয়া চলি থকা কথা ঘোষণা কৰে। লগতে কচুগাঁও বনখণ্ডৰ অন্তৰ্গত ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান লৈ উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত কথা অৱগত কৰে। উল্লেখ যে ৰাইমনা বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যান লৈ উন্নীতকৰণ হ’লে অসমত ৬খন লৈ বৃদ্ধি হ’ব ৰাষ্ট্ৰীয় উদ্যান।
বন আৰু পৰিৱেশ বিভাগে ৰাজ্যৰ ২৮খন জিলাত ‘সাহিত্য মনীষী উপবন’ নামৰ ২৮খন জৈৱ-বিচিত্ৰ উদ্যান স্থাপন কৰা বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
উল্লেখ যে মুখ্যমন্ত্ৰী গান্ধী মণ্ডপত যুৱ-প্ৰজন্মক জাতি পিতা মহাত্মা গান্ধীৰ জীৱন আৰু শিক্ষা অৱগত কৰিবলৈ গান্ধীৰ বিভিন্ন স্মিতিচিহ্ন প্ৰদৰ্শন কৰা বাবে গুৱাহাটী উন্নয়ন বিভাগক নির্দেশ দিয়ে।
পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বশিষ্ঠৰ গুৱাহাটী পৌৰ নিগমৰ গেৰেজ চৌহদত ১২ খনকৈ আৱৰ্জনা নিষ্কাষণ বাহন আৱৰ্জনা সংগ্ৰহত নিয়োজিত সংগঠনসমূহক বিতৰণ কৰে। উল্লেখ প্ৰথম পৰ্যায়ত ১০০খন এনে বাহন বিতৰণ কৰা হ’ব বুলি ডঃ শৰ্মাই কয়।