নিউজ ডেস্কঃ
এসময়ত নিজৰ সৈতে কিংবদন্তি সঙ্গীত পৰিচালক আৰ ডি বর্মনৰ তুলনা কৰিছিল হিমেশ ৰেশমিয়াই। তেওঁ দাবী কৰিছিল যে আৰ ডি বর্মনেও তেওঁৰ দৰেই কিছু নাকৰ সুৰত গান কৰিছিল। কিন্তু সেই কাৰণে তেওঁ কেতিয়াও কোনো কটাক্ষৰ সন্মুখীন হ’বলগা হোৱা নাই। হিমেশৰ এই মন্তব্য মানি ল’ব পৰা নাছিল আশা ভোছলেই। পৰোক্ষভাবে তেওঁক ‘চৰ’ মাৰাৰ কথা কৈছিল বলিউডৰ বর্ষীয়ান গায়িকাগৰাকীয়ে।
পেছাগত জীৱনৰ আৰম্ভণিৰ ফালে নাকেৰে সুৰ টানি গান গোৱাক লৈ তুমুল বিদ্রূপৰ পাত্র হৈছিল হিমেশ। এটাৰ পিছত আন এটা হিট গান উপহাৰ দিলেও তেওঁৰ গান গোৱাৰ শৈলীক লৈ অস্বস্তি প্রকাশ কৰিছিল শ্রোতাসকলৰ একাংশই। ২০০৬ চনত একাধিক কটাক্ষ প্রতিহত কৰিবলৈয়েই আৰ ডি বর্মনৰ প্রসঙ্গ টানে তেওঁ। তেওঁৰ বক্তব্য শুনি তীব্ৰ অসন্তুষ্ট হৈছিল আশা দিদি। এক সংবাদ মাধ্যমক তেওঁ কৈছিল, “কোনোৱে যদি কয় বর্মন চাহাবে নাকেৰে গাইছিল, তেওঁক চৰ মাৰা উচিত।”
আশা ভোছলেৰ এই মন্তব্য শুনি নিজৰ ভুল শুধৰাইছিল হিমেশ ৰেশমিয়াই। স্পষ্টীকৰণ দি তেওঁ কৈছিল, “মই পঞ্চমদাক কেতিয়াও অপমান কৰিব বিচৰা নাই। মই লক্ষ্মীকান্ত-প্যাৰেলাল আৰু পঞ্চমদাৰ পৰাই গান নিৰ্মাণ কৰিবলৈ শিকিছোঁ। মই কেনেদৰে তেওঁক অপমান কৰিব পাৰো?”
বিতর্কত ইতি টানিবলৈ একেদৰে আশা দিদিৰ ওচৰতো ক্ষমা বিচাৰিছিল হিমেশ ৰেশমিয়াই। তেওঁ স্পষ্টীকৰণ দিছিল, উদ্দেশ্যপ্রণোদিতভাবে বর্ষীয়ান গায়িকাগৰাকীৰ ভাবাবেগত আঘাত কৰিব বিচৰা নাছিল তেওঁ।