![]()
নিউজ ডেস্কঃ
অক্সিজেনৰ অভাৱত উত্তৰ প্রদেশৰ আগ্রাৰ এখন ব্যক্তিগত হস্পিটেলত মৃত্যু হৈছে প্ৰায় ২২ জন কৰোনা ৰোগীৰ। ‘মকড্রিল’ৰ বাবে হস্পিটেলখনৰ অক্সিজেনৰ যোগান ৫ মিনিট বন্ধ ৰখাতেই ঘটে এই মর্মান্তিক ঘটনা। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটি ভিডিওত দেখা গৈছে, এজন ব্যক্তিয়ে নিজকে হস্পিটেলখনৰ মালিক বুলি পৰিচয় দি জনায়, ‘মকড্রিল’ৰ অংশ হিচাবে যোৱা ২৬ এপ্রিলত হস্পিটেলখনত পাঁচ মিনিটৰ বাবে অক্সিজেনৰ যোগান বন্ধ কৰি দিয়া হৈছিল। তাৰ ফলতে উক্ত দিনা মৃত্যু হয় ২২ জন ৰোগীৰ। আৰু ভিডিওটি ভাইৰেল হোৱাৰ লগে লগে খবৰটি প্রকাশ্যে আহে।
এজন ব্যক্তিক উক্ত ভিডিওত কোৱা শুনা গৈছে যে তেওঁ নিজকে আগ্রাৰ পৰশ হস্পিটেলৰ মালিক অৰিঞ্জয় জৈন বুলি দাবী কৰিছে। তেওঁ কয়, ‘আমাক জনোৱা হৈছিল যে ৰাজ্যত অক্সিজেনৰ ঘাটি আছে। খোদ মুখ্যমন্ত্রীয়েও অক্সিজেন যোগাৰ কৰিব নোৱাৰিব। হস্পিটেলত সেই সময়ত অক্সিজেনৰ অভাৱ আছিল। আমি ৰোগীৰ পৰিয়ালৰ লোকসকলক বুজাই ৰোগীসকলক অন্য ঠাইলৈ পঠোৱাৰ চেষ্টা কৰো।
কিন্তু কোনো কোনো ৰাজী হ’লেও, বহুতেই আপত্তি জনায়। ইয়াৰ পিছতেই আমি মকড্রিলৰ পৰিকল্পনা কৰো। তাতেই বুজা যাব কোন বাচিব আৰু কোন মৰে? শেষত কাকো নজনোৱাকৈ পুৱা সাতটাত পাঁচ মিনিটৰ বাবে বন্ধ কৰি দিয়া হয় অক্সিজেন। তেতিয়াই আমি ২২ জন ৰোগীক চিনাক্ত কৰো। বুজিব পাৰো যে তেওঁলোকৰ মৃত্যু হ’ব। কিছু সময় পিছতেই উক্ত ২২ জনৰ শৰীৰ নীলা হ’বলৈ আৰম্ভ কৰে।’ ইয়াৰ পিছতেই উক্ত ২২ জনৰ মৃত্যু হয়।
অৱশ্যে ২৬ এপ্রিলতেই উক্ত হস্পিটেলখনত ২২ জনৰ মৃত্যুৰ দাবী নাকচ কৰিছে আগ্রাৰ উপায়ুক্ত পি এন সিঙে। তেওঁৰ মতে মাত্র ৭ জনৰহে উক্ত দিনটোত হস্পিটেলখনত মৃত্যু হৈছে। সমগ্ৰ ঘটনাৰ তদন্তৰ নির্দেশ দিয়া হৈছে।











