
ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যম ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইতিমধ্যে ইজৰাইলৰ চোৰাংচোৱা সংস্থাই এই সন্দৰ্ভত আমেৰিকাৰ গোপন সেৱালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে যুদ্ধবিৰতি চুক্তৰ পতনৰ পিছত তেহৰানে ট্ৰাম্পক হত্যা কৰাৰ নতুন পৰিকল্পনা কৰিছে। বেঞ্জামিন নেতানিয়াহুৰ চোৰাংচোৱা সংস্থাই এই বিষয়ে ৱাশ্বিংটনক অৱগত কৰিছে।
বৃহস্পতিবাৰে তুৰস্কত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পিছত আমেৰিকালৈ উভতি অহাৰ পিছত ট্ৰাম্পে দাবী কৰে যে তেওঁ ইৰাণৰ ‘হিট লিষ্ট’ৰ শীৰ্ষত আছে। তেওঁৰ বিমানখন আকাশৰ মাজত আক্ৰমণৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
যদিও তেওঁ তুৰস্কত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণৰ বাবে কাটাৰে উপহাৰ দিয়া নতুন ‘এয়াৰ ফ’ৰ্চ ৱান’ ব্যৱহাৰ কৰিছিল, তথাপিও ট্ৰাম্প বেলেগ বিমানেৰে আমেৰিকালৈ উভতিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ট্ৰাম্পৰ সৈতে যোৱা বিমানখনত থকা সাংবাদিকসকলক তেওঁলোকৰ আসনৰ কাষৰ খিৰিকী বন্ধ কৰিবলৈ কয়।
কাৰণটো বুজাই দিওঁতে তেওঁ কয়, “আপোনালোক হয়তো বিপজ্জনক বিমানত আছে। তেওঁলোক (ইৰাণী) বহুত বেয়া মানুহ… মই সদায় ভাবুকিৰ সন্মুখীন হৈ আছোঁ। মই তেওঁলোকৰ হিট লিষ্টৰ শীৰ্ষত আছোঁ। মোৰ যদি কিবা হয় তেন্তে আপোনালোকৰ ক্ষেত্ৰতো একেই হ’ব।”
ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৱাশ্বিংটনত থকা ইজৰাইলৰ দূতাবাসে ইৰাণৰ চক্ৰান্তৰ বিষয়ে আমেৰিকাৰ চোৰাংচোৱা সংস্থাক নিৰ্দিষ্ট তথ্য দিছিল। সেইবাবেই আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে পৰিকল্পনা কৰা মতে আন এখন পুৰণি বিমানেৰে ব্ৰিটেইন হৈ আমেৰিকালৈ উভতিছিল ট্ৰাম্প।
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ইৰাণৰ ‘ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পছ’ৰ (আই আৰ জি চি) অধিনায়ক কাছেম ছলেমানী আমেৰিকাৰ সেনাবাহিনীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হয়। সেই সময়ত তেহৰানে হোৱাইট হাউছক প্ৰতিশোধৰ ভাবুকি দিছিল।
ইয়াৰ পিছত ২০২৪ চনৰ জুলাই মাহত পেনচিলভেনিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকাৰ সময়তে ট্ৰাম্পক আক্ৰমণ কৰা হৈছিল। আক্ৰমণকাৰী থমাছ ক্ৰুকছে ট্ৰাম্পৰ মঞ্চৰ পৰা ১৩০ গজ (১১৯ মিটাৰ) উচ্চ ছাদৰ পৰা একাধিক গুলীচালনা কৰে। গুলী ট্ৰাম্পৰ কাণ চুই পাৰ হৈ যায়।
যদিও ইয়াৰ পূৰ্বে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ট্ৰাম্পৰ বিৰুদ্ধে ইৰাণৰ ভাবুকিৰ বিষয়ে সকীয়াই দিছিল, তথাপিও চৰকাৰী তদন্তত তেহৰান আৰু পেনচিলভেনিয়াত থমাছ ক্ৰুকছৰ আক্ৰমণৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰা হোৱা নাই। কাকতলীয়াকৈ ক’বলৈ গ’লে জুন মাহত হোৱাইট হাউছত অনুষ্ঠিত ইউএফচিৰ অনুষ্ঠানত ড্ৰ’ন আৰু স্নাইপাৰ আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন হৈছে ৮ জন লোকৰ বিৰুদ্ধে।
বৃহস্পতিবাৰে (৯ জুলাই) অহাইঅ’ত এই অনুষ্ঠানত ব্যৰ্থ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বাবে হত্যা আৰু সন্ত্ৰাসবাদৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু প্ৰতিবেদনত দাবী কৰা হৈছে যে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে আমেৰিকাক দিয়া তথ্যত আছে ইৰাণৰ শেহতীয়া পৰিকল্পনা।
বুধবাৰে নিশা ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে নতুন সামৰিক অভিযানৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা পশ্চিম এছিয়াত নিয়োজিত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (চেণ্টকম) দেশখনৰ প্ৰায় ২০০ স্থানত আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১৫ জন লোক নিহত হৈছে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে পশ্চিম এছিয়াৰ ‘আমেৰিকাৰ মিত্ৰ’ কুৱেইট, বাহৰেইন, কাটাৰ আৰু জৰ্ডানক আক্ৰমণ কৰিছে। ফলত ১৭ জুনত ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেছমেৰ্গাই স্বাক্ষৰিত অন্তৱৰ্তীকালীন যুদ্ধবিৰতি চুক্তি কাৰ্যতঃ নিষ্ফল হোৱা বুলি ধাৰণা কৰা হৈছে।












