ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

নিউজ ডেস্কঃ

News Desk by News Desk
July 10, 2026
Reading Time: 1 min read
A A
0
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

RELATED POSTS

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

New Logo Smal 1 | ASSAM TIMES POST

ফুটবলত ফ্ৰান্স (France) যেন এতিয়া অপ্ৰতিৰোধ্য। অন্তত বৃহস্পতিবাৰে নিশাৰ মেচখনৰ পিছত এতিয়া সকলোৰে মনত এয়াই অনুভৱ। দলটোৱে যিদৰে শক্তিশালী ৰূপত খেলি বিশ্বকাপৰ ছেমি ফাইনেল (World Cup semi-final)ত প্ৰৱেশ কৰিলে (entered), তেনেক্ষেত্ৰত এতিয়া দলটোক ৰোধ কৰাটো এক কঠিন কাম হ’ব। যদি বিশেষ একো অঘটন নহয়, তেন্তে ফ্ৰান্সে পুনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰ বাবে হয়তো ছেমি ফাইনেলত স্পেইনৰ দৰে কঠিন বাধা অতিক্ৰম কৰিব লাগিব। সেই বাধা অতিক্ৰম কৰিলে ফ্ৰান্সক ট্ৰফী জয় কৰাত বাধা দিয়াটোও কঠিন হ’ব। পূৰ্বতে পশ্চিম জাৰ্মানী আৰু ব্ৰাজিলে একেৰাহে তিনিবাৰকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ নজিৰ আছে। ১৯৯৪-২০০২ চনলৈকে ব্ৰাজিলে একেৰাহে তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰে দুবাৰকৈ ট্ৰফী লাভ কৰে। ১৯৮২-১৯৯০ চনলৈকে পশ্চিম জাৰ্মানীয়ে ফাইনেল খেলিছিল। তাৰ ভিতৰত এবাৰ ট্ৰফী জিকিছিল।

আনহাতে, কাটাৰ বিশ্বকাপৰ ছেমি ফাইনেলত ফ্ৰান্সে মৰক্কোৰ (Morocco) বিৰুদ্ধে খেলিছিল। সেইবাৰ ২-০ গ’লত জয়লাভ কৰে। এইবাৰো মেচখনৰ ফলাফল একেই। অৱশ্যে যোৱাবাৰ গ’ল দিয়া খেলুৱৈ দুগৰাকীৰ নাম এইবাৰ স্ক’ৰশ্বীটত নাই৷ প্ৰথমজন লুকাছ হাৰ্নাণ্ডেজ ৰিজাৰ্ভ বেঞ্চত আছিল। আনহাতে, ৰেণ্ডেল ক’লো মুয়ানীয়ে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰা নাই। কিন্তু কিলিয়ান এমবাপেৰ (Kylian Mbappé) দৰে ফুটবলাৰ থকা দলটোত তেওঁলোকে কি চিন্তা কৰিব লাগে? মেচখনৰ আৰম্ভণিতে তেওঁ পেনাল্টিত বিফল হৈছিল।

france1 | ASSAM TIMES POST
অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

অৱশ্যে দ্বিতীয়ার্ধত তেওঁ যিটো গ’ল দিয়ে সেয়া বহুদিনলৈ মনত ৰখাৰ যোগ্য৷ মেচখনৰ আৰম্ভণিৰে পৰা দুয়োটা দলে আক্ৰমণাত্মকভাৱে খেলিছিল। অৱশ্যে ফ্ৰান্সৰ আক্ৰমণৰ বিপৰীতে মৰক্কো নিষ্প্ৰভ আছিল। মেচৰ চাৰি মিনিটৰ অন্তত ডয়’ট উপমেকানোৰ কৰা শক্তিশালী হেডটো মৰক্কোৰ গ’লৰক্ষক ইয়াচিন ব’নোৱে ৰক্ষা কৰে। সময়ৰ লগে লগে ফ্ৰান্সৰ আক্ৰমণ বৃদ্ধি পায়। ২৫ মিনিটৰ পাছত ফ্ৰান্সে পেনাল্টি লাভ কৰে। নিজৰ অৰ্ধত মৰক্কোৰ আশ্ৰফ হাকিমিৰ পৰা বলটো লৈছিল ডেজিৰে ডুয়ে। তেওঁ এমবাপেলৈ পাছ কৰে। এমবাপেয়ে অকলে মৰক্কোৰ বক্সলৈ দৌৰি যায়, য’ত তেওঁক নৌজাৰ মাজৰাউইয়ে ফাউল কৰে। ফাউলটো ইমানেই স্পষ্ট আছিল যে মাজৰাউইয়ে নিজেই ৰেফাৰীৰ সিদ্ধান্তৰ বিশেষ প্ৰতিবাদ কৰা নাছিল।

অৱশ্যে সেই পেনাল্টিৰ চূড়ান্ত সিদ্ধান্ত ল’বলৈ সময় লাগিছিল তিনি মিনিট দহ ছেকেণ্ড। ভিএআৰৰ ৰেফাৰীসকলে যেন অন্তহীনভাৱে ৰিপ্লে চাই আছিল। অৱশেষত এই সিদ্ধান্ত ঘোষণা কৰা হয়। হয়তো দীৰ্ঘসময় বিলম্বৰ বাবেই এমবাপেৰ একাগ্ৰতাত ব্যাঘাত জন্মিছিল। তেওঁ জীৱনৰ আটাইতকৈ বেয়া পেনাল্টি শ্বটটো মাৰিছিল। ইতিমধ্যে পেনাল্টি ৰক্ষা কৰাৰ বাবে বিখ্যাত হৈ পৰিছে মৰক্কোৰ গ’লৰক্ষক ব’নো। গ’লৰক্ষকৰ বাঁওফালে এমবাপেৰ মাটিৰে চুঁচৰি যোৱা শ্বটটো ইমানেই লেহেমীয়া আছিল যে ব’নোৰ হাতৰ পৰাও বলটো ওলাই নাহিল৷ পোনে পোনে তেওঁৰ হাততে ৰৈ যায়। ১০ মিনিটৰ পাছত ব’নোৱে পুনৰ দলক ক্ষতিৰ পৰা ৰক্ষা কৰে। বক্সৰ ঠিক বাহিৰৰ পৰা ড’ৱে এটা শ্বট লয়। সেইটোও প্ৰতিহত কৰে। প্ৰাৰম্ভিক সময়ছোৱাত মৰক্কোৱে কিছু আধিপত্য দেখুৱাইছিল যদিও ক্ৰমান্বয়ে ফ্ৰান্সে খেলত নিয়ন্ত্ৰণ কৰিবলৈ লয়। ইয়াৰ পিছত মাত্ৰ চাৰি মিনিটত দুটা গ’লে মৰক্কোৰ পতন নিশ্চিত কৰে। প্ৰথম গ’লটো আহে এমবাপেৰ ভৰিৰ দুৰ্দান্ত শ্বটৰ পৰা।

ইফালে গ’ল দিয়াৰ লগে লগে মৰক্কোৰ ডিফেন্স মুকলি হৈ পৰে। সেই সুযোগ লৈ ফ্ৰান্সে ৪ মিনিট পাছত পুনৰ গ’ল দিয়ে। এই গ’লৰ বাবেও এমবাপে প্ৰশংসাৰ যোগ্য। বল নিয়ন্ত্ৰণ কৰি থকাৰ সময়তে এমবাপেয়ে মৰক্কোৰ খেলুৱৈসকলক তেওঁৰ ফালে টানি আনে। ফলত ডেম্বেলে মুক্ত হৈ পৰে। এমবাপেয়ে তেওঁৰ ওচৰলৈ বলটো ঠেলি দিয়ে। ডেম্বেলেয়ে কিছু সময় লৈ সোঁ ভৰিৰ নিম্ন শ্বটেৰে গ’ল দিয়ে। অৱশ্যে গ’লৰক্ষক ব’নোৰ কৃতিত্বক কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি। মৰক্কো মাত্ৰ দুটা গ’লত পৰাস্ত হোৱাটো ব’নোৰ যাদুৰ বাবেই হয়। তেওঁ কমেও পাঁচটা নিশ্চিত গ’ল ৰক্ষা কৰে। তেওঁ এটাৰ পিছত এটাকৈ ফৰাচী আক্ৰমণ ৰোধ কৰে। নহ’লে মৰক্কোৱে লাজলগাকৈ খেলপথাৰ এৰিবলগা হ’লহেঁতেন৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FranceMorocco
Share4Tweet3Send

Related Posts

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

by News Desk
July 2, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
50
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d