নিউজ ডেস্কঃ
যোৱা বছৰ লকডাউনত দিল্লীৰ এজন ইউটিউবাৰৰ জহত বাতৰিৰ শিৰোনাম দখল কৰিছিল ‘বাবা কা ধাবা’ খ্যাত কান্তা প্রসাদ। দেশৰ বিভিন্ন প্রান্তৰ পৰা আর্থিক সাহায্য লাভ কৰিছিল। বহুতেই তেওঁৰ কাষত থিয় দিছিল। কিন্তু পৰৱর্তী সময়ত সেই ইউটিউবাৰ গৌৰৱ ৱাসনৰ বিৰুদ্ধেই ধন হৰলুকী আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ আনিছিল। যাক লৈ কম বিতর্কও হোৱা নাছিল। এইবাৰ সেই গৌৰৱৰ ওচৰতেই ক্ষমা বিচাৰিলে কান্তা প্রসাদে।
https://www.instagram.com/p/CP_OTtHjdaP/?utm_source=ig_web_button_share_sheet
সম্প্রতি ছচিয়েল মিডিয়াত তেওঁৰ এটি ভিডিও ভাইৰেল হৈছে। তাতেই কান্তা প্রসাদক গৌৰৱৰ ওচৰত ক্ষমা বিচৰা দেখা গৈছে। ভিডিওটোত বৃদ্ধজনে হাতযোৰ কৰি কৈছে, “গৌৰৱ ৱাসনে কোনো চুৰি কৰা নাই। উক্ত ল’ৰাটো চোৰ নহয়। মই তেওঁক কোনোদিনে চোৰ বোলাও নাই। মোৰ ফালৰ পৰা কেৱল এটি ভুল হৈছে। তাৰ বাবে মই ক্ষমাপ্রার্থী। জনগণৰ ওচৰত মোৰ আবেদন, কিবা ভুল কৰিলে মোক ক্ষমা কৰি দিব।”
উল্লেখ্য, অনুদানত পোৱা কেইবা লাখ টকাৰে সমাজকর্মী তুষান্ত অদলখাৰ পৰামর্শ আৰু সহযোগিতাত এখন দোকান ভাড়াত লৈ যোৱা ডিচেম্বৰত নিজৰ ৰেস্তোৰাঁ খুলিছিল প্রসাদে। কিন্তু সেই দোকান চলাব নোৱাৰি পুনৰ পুৰণি দোকানলৈয়েই ঘূৰি আহিছে তেওঁ। এই প্রসঙ্গত জনোৱা মতে, দোকানখনৰ ভাড়া আছিল মাহত ৩৫ হাজাৰ টকা। তিনিজন কর্মচাৰীৰ বেতন মুঠ ৩৬ হাজাৰ টকা। ইলেকট্রিক আৰু পানীৰ বিল ১৫ হাজাৰ টকা। আৰু তাৰ উপৰি ৰন্ধন সামগ্ৰী কিনাৰ খৰচ। সকলো মিলাই প্রায় ১ লক্ষ টকা খৰচ হৈছিল। কিন্তু লকডাউনৰ কাৰণে মাহত ৪০ হাজাৰ টকাও বিক্ৰী নহয়। ইয়াৰ ফলত অনুদানৰ বেছিভাগ টকাই খৰচ হৈ যায় কান্তা প্রসাদৰ। আৰু সেয়ে পুনৰ পুৰণি দোকানখনলৈ ঘূৰি আহিছে। লগতে ক্ষমা বিচাৰিলে ইউটিউবাৰ গৌৰৱৰ ওচৰতো।