![]()
নিউজ ডেস্কঃ
পত্নীৰ সৈতে বিগত কেইবা মাহ ধৰি বিবাদত লিপ্ত হৈ থকাৰ পিছত অৱশেষত হত্যা কৰি পেলালে স্বামীয়ে। ইয়াৰ পিছত বাকচ এটাত ভৰাই লৈ গ’ল মৃতদেহ। তাৰ পিছত পুৰি পেলালে বাকচ সহিতে মৃতদেহ। পৰিয়ালক ক’লে, কৰোনাৰ ডেল্টা প্লাছত আক্রান্ত হৈ মৃত্যু হৈছে ইঞ্জিনিয়াৰ পত্নী। কিন্তু বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিলে সত্য৷ অৱশেষত ৰহস্য ভেদ হ’ল। অৱশ্য হত্যাকাৰী স্বামী পলাতক।
অন্ধ্রপ্রদেশৰ তিৰুপতিৰ ঘটনা এইটো।
মৃতকৰ নাম ভুবনেশ্বৰী। বয়স ২৭ বছৰ। তেওঁ চিত্তুৰৰ ৰামসমুদ্রমৰ বাসিন্দা। পেছাত আছিল ছফটৱেৰ ইঞ্জিনিয়াৰ। হায়দৰাবাদত চাকৰি কৰিছিল। কৰোনাৰ ফলত লকডাউনত তেওঁৰ স্বামীৰ চাকৰি যায়। ইয়াৰ পিছত স্বামী–স্ত্রী হায়দৰাবাদৰ পৰা তিৰুপতিলৈ গুচি যায়। দুয়োৰে এটি ১৮ মহীয়া কন্যা সন্তানো আছে।
চাকৰি হেৰুৱাই অৱসাদত ভোগে স্বামী তৰুণ। মদ্যপানো আৰম্ভ কৰে। এইবোৰৰ বাবেই প্রায়েই কথা কটাকটি হৈছিল স্বামী–স্ত্রীৰ। ২২ জুনৰ মাজনিশা দুয়োৰে কাজিয়া চূড়ান্ত সীমাত উঠে। ভুবনেশ্বৰীক খঙৰ জোৰত হত্যা কৰে তৰুণে। ইয়াৰ পিছত বাকচত ভৰাই তেওঁৰ মৃতদেহ ৰাখি থৈ আহে এছভিআৰআৰ চৰকাৰী হস্পিটেলত। এখন টেক্সিত উঠি গৈ উক্ত নিশাতেই পুনৰ হস্পিটেললৈ গৈ বাকচটো পেট্রোল ঢালি পুৰি পেলায়।
নিজৰ আৰু পত্নীৰ পৰিয়ালৰ লোকসকলক তেওঁ কয়, ভুবনেশ্বৰী কৰোনাৰ ডেল্টা প্লাছত আক্রান্ত হৈ মৃত্যু হৈছে। হস্পিটেলৰ কর্মচাৰীসকলেই তেওঁৰ শেষকৃত্য কৰিছে। কিন্তু পিছদিনা অর্ধদগ্ধ মৃতদেহটি উদ্ধাৰ হয় হস্পিটেল চৌহদত। চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰে। যিখন টেক্সিত উঠি তৰুণে মৃতদেহ থবলৈ গৈছিল, তাৰ চালককো গ্রেপ্তাৰ কৰে। মৃতদেহটি আৰক্ষীয়ে চিনাক্ত কৰি ঘৰৰ মানুহক খবৰ দিয়ে। অৱশ্যে স্বামী এতিয়াও পলাতক।











