আজি হোজাইৰ সদৰ শংকৰদেৱ নগৰত আহি উপস্থিত হয় অসমৰ মাননীয় মুখ্যমন্ত্রী । হিমন্ত বিশ্ব শৰ্মা হোজাইত উপস্থিত হৈ জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ অভিযান কাৰ্য্যসূচী অংশগ্রহণ কৰে। লগতে সংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়- পৰীক্ষাৰ মূল্যায়নলৈ নজৰত ৰখা হৈছে পৰিদৰ্শক আদি কৰি সংশ্লিষ্ট বিষয়াৰ ওপৰত।
তেওঁৰ লগত উপস্থিত থাকে অসমৰ আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্ত । লগতে হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিৰ তিনিওজন বিধায়ক।