নগাঁও : কোভিড সৃষ্ট জটিল পৰিবেশৰ মাজতে দেখা দিয়া অচলাৱস্থাৰ বাবে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিব লগাত পৰিছে । সেয়ে এনে জটিল ক্ষণত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ কাষত জনপ্ৰতিনিধি অথবা বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি থিয় হৈ তেওঁলোকক সাহাৰ্য প্ৰদানেৰে সকাহ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে । নগাঁও চহৰৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আজি নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মাজৰআটি গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰিয়ালক কোভিড সাহাৰ্য বিতৰণ কৰা হয়।
ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই কোভিড সাহাৰ্যৰ বাবদ পৰিয়াল কেইটাক খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কলম আদি বিতৰণ কৰে । উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফলেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনত এক সুকীয়া স্হান দখল কৰিবলৈ সক্ষম হোৱা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ে সামাজিক দায়ৱদ্ধতা ৰক্ষা কৰি কোভিড সৃষ্ট জটিল ক্ষণত আৰ্তজনৰ কাষত থিয় দিয়া কাৰ্যক অঞ্চলটোৰ লোকসকলে প্ৰশংসা কৰে।
আনহাতে কোভিড সাহাৰ্য বিতৰণ কৰি অধ্যক্ষ দিলীপ কুমাৰ বৰাই ইয়াৰ দ্বাৰা দুৰ্যোগৰ সময়ত পৰিয়াল কেইটাই কিঞ্চিৎ হ’লেও সকাহ পাব বুলি আশা প্ৰকাশ কৰে । সাহাৰ্য বিতৰণ অনুষ্ঠানত অনিল দাস, কনক বৰা, শিল্পী দুলুমণি শইকীয়া, মৃণাল বৰা, ৰাজু বৰাকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।