ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭১৫৪৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৩২৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৭৯জন কামৰূপ মেট্ৰ’ৰ, ১০১জন গোলাঘাটৰ, ৯৮জন লখিমপুৰৰ আৰু ৯৫জন ডিব্ৰুগড়ৰ।দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৮৬ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ১৫ জন ব্যক্তিৰ৷উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২২৭৭ জন ব্যক্তি।ৰাজ্যত সুস্থৰ হাৰ ৯৫.৮৩ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৪৭২৮৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১৬৪৬৮ জন ৰোগী।
Summary of 18/7/2021
Today’s Total 1329
Overall Positivity Percentage (1329 cases out of 71,546 test done = 1.86%)*
Kamrup(M) 179
Death 15
Recovery Rate 95.83%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 18, 2021