নিউজ ডেস্কঃ
অবৈধভাবে পর্নোগ্রাফি ছবি নিৰ্মাণ কৰি বিভিন্ন এপৰ জৰিয়তে বিয়পাই দি উপাৰ্জন কৰা আৰু নতুন মডেলসকলক অশ্লীল প্রস্তাব দিয়াৰ অভিযোগত মুম্বাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ধনী ব্যৱসায়ী ৰাজ কুন্দ্রা। সোমবাৰে মাজনিশা সোধপোছৰ পিছতেই তেওঁক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনকি ২৩ জুলাই পর্যন্ত ৰাজক আৰক্ষী জিম্মাত ৰখাৰ নির্দেশ দিয়া হৈছে।
আদালতৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে শিল্পা শেট্টিৰ স্বামীৰ অধিবক্তা আবেদ পোন্ডাই। তেওঁৰ বক্তব্য, ৰাজ কুন্দ্রাৰ এপত যিবোৰ ছবি দেখুওৱা হৈছিল, সেয়া কেতিয়াও পর্নোগ্রাফি ছবি নহয়। যৌন প্রেমৰ দৃশ্য আৰু সঙ্গমৰত অৱস্থাৰ ভিডিওৰ মাজত বহুত পার্থক্য আছে। সঙ্গমৰত অৱস্থাৰ ভিডিও অৱশ্যেই পর্নোগ্রাফি ছবিৰ অধীনত পৰে। কিন্তু ৰাজৰ এপৰ ছবি অশ্লীল হ’লেও সেয়া পর্নোগ্রাফি ছবি নহয়। আবেদ পোন্ডাৰ যুক্তি, আজিকালি বিভিন্ন ওটিটি প্লেটফর্মত যিবোৰ ওয়েব চিৰিজ দেখুওৱা হয়, তাত অশ্লীল দৃশ্য থাকিলেও, যৌন মিলন দেখুওৱা নহয়। তেনেদৰেই ৰাজৰ এপতো পর্ন ছবি দেখুওৱা হোৱা নাছিল।
লগতে মুম্বাই আৰক্ষীৰ বিৰুদ্ধেও মন্তব্য কৰে তেওঁ। আদালতত তেওঁৰ বক্তব্য দাখিল কৰি জনাইছে, পুলিচে বৈধভাবে ৰাজ কুন্দ্রাক গ্ৰেপ্তাৰ কৰা নাই। ভাৰতীয় দণ্ডবিধিৰ ৪১ নম্বৰ জাননীত স্বাক্ষৰ কৰোৱাৰ অর্থ তেওঁক সোধপোছ কৰা। কিন্তু উক্ত জাননীত স্বাক্ষৰ কৰোৱা সত্ত্বেও ৰাজ কুন্দ্রাক উক্ত নিশাই গ্ৰেপ্তাৰ কৰা হৈছে। অধিবক্তাগৰাকীৰ দাবী, এতিয়াও তদন্ত সম্পূর্ণ হোৱা নাই। তাৰ আগতেই আৰক্ষী জিম্মাৰ নির্দেশও দিব পৰা নাযায়। আনহাতে, মুম্বাইৰ আৰক্ষী আয়ুক্তৰ মতে, দেশত অবৈধভাবে পর্ন ছবি নিৰ্মাণ আৰু হটশটছ এপত আৰু লণ্ডনত বিয়পাই দিয়াৰ মূল ষড়যন্ত্রকাৰী ৰাজ কুন্দ্রাই। তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ জমা হৈছে। তদন্ত এতিয়াও চলি আছে।