নিউজ ডেস্কঃ
গুজৰাটত চৰকাৰীভাবে সুৰা নিষিদ্ধ। কিন্তু সেই নিষিদ্ধ সুৰাতেই আকৌ গুজৰাটৰ ৪.৩ শতাংশ লোক আক্ৰান্ত! মুঠ জনসংখ্যাৰ হিচাবত সেয়া প্রায় ২০ লাখ (১৯.৫৩ লাখ)ৰ ওচৰত। ৰাজ্যসভাত এইমছ আৰু সামাজিক ন্যায় মন্ত্রালয়ে দাখিল কৰা যৌথ তথ্যত এই কথা পোহৰলৈ আহিছে।
আনহাতে, ৰাজস্থান, বিহাৰ, উত্তৰ প্রদেশৰ দৰে ৰাজ্যতকৈও শোচনীয় গুজৰাটৰ অৱস্থা। সমগ্ৰ দেশৰ মুঠ ১৭ শতাংশৰো বেছি লোক সুৰাসক্ত। উক্ত গড়ৰ তুলনাত কম হ’লেও অৱস্থা ভাল নহয় ৰাজ্যখনৰ। ইয়াৰ উপৰি ৰাজ্যখনত ড্ৰাগছ, গাঞ্জা তথা অন্য বিভিন্ন নিচাত আসক্তৰ সংখ্যাও একেবাৰে কম নহয়। কেন্দ্রীয় চৰকাৰৰ তথ্যতেই মোদী-শ্বাহৰ ৰাজ্যৰ এই কৰুণ পৰিস্থিতি প্ৰকাশ পাইছে।
অৱশ্যে গুজৰাটত কোকেনসহ অন্য কেইটামান মাৰাত্মক নিচাযুক্ত দ্রব্যৰ কোনো ব্যৱহাৰকাৰী পোৱা হোৱা নাই। কিন্তু মুঠ জনসংখ্যাৰ ৮ শতাংশ হয় মদ্যপানত অথবা ধূমপানত আসক্ত। এই সংখ্যাটো প্রায় ৩৬ লাখৰ ওচৰত। বিশেষজ্ঞসকলৰ অনুমান, অতিমাৰিৰ সময়ত নিচাযুক্ত দ্রব্যৰ প্রতি আসক্তি বৃদ্ধি পাইছেনে নাই, সেয়া বুজিবলৈ এই বিশেষ তথ্যই সহায় কৰিব। কাৰণ নিচা খাই অসুস্থ হৈ হস্পিটেললৈ চিকিৎসাৰ বাবে অহাসকলৰ ভিতৰত ২০১৯-২০তকৈ ২০২০-২১ত সংখ্যা বহুখিনি বৃদ্ধি পাইছে।