নিউজ ডেস্কঃ
আগন্তুক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দিবলগীয়া ভাষণৰ বাবে সাধাৰণ মানুহৰ পৰা পৰামর্শ বিচাৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শুক্রবাৰে প্রধানমন্ত্রী কাৰ্যালয়ৰ টুইটাৰ একাউণ্টৰ পৰা এই পোষ্ট কৰা হয়। পোষ্টত লিখা হৈছে, ‘লালকিল্লাৰ পৰা আপোনালোকৰ চিন্তা প্রতিধ্বনিত হ’ব। ১৫ আগষ্টত প্রধানমন্ত্রীৰ ভাষণ সন্দৰ্ভত আপোনালোকৰ চিন্তা কি? আমাৰ সৈতে শ্বেয়াৰ কৰক৷’
প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ এই টুইটৰ পিছতেই ইয়াৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে নেটিজেনসকলে। কোনোৱে লিখিছে স্কুল শিক্ষক আৰু শিক্ষাকর্মীসকলৰ টীকাকৰণৰ বিষয়টি নিশ্চিত কৰাৰ কথা ঘোষণা কৰিবলৈ। এজনে লিখিছে, জনসংখ্যা নিয়ন্ত্রণৰ বিষয়ে লালকিল্লাৰ পৰা কিবা ক’বলৈ।
লগতে পেগাছাছ-কাণ্ড, ৰাফেল তদন্ত সন্দৰ্ভতো প্রধানমন্ত্রীক কোৱাৰ পৰামর্শ দিছে কোনো কোনোৱে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৰোনাত ৪ লাখ লোকৰ মৃত্যু, টীকাকৰণৰ ধীৰ গতি, দুর্নীতি, কোভিড পৰৱর্তী সময়ত শ্রমিকসকলৰ অৱস্থা— এইবোৰ সন্দৰ্ভতো ক’বলৈ পৰামৰ্শ দিছে৷