নিউজ ডেস্কঃ
দ্বিতীয় পত্নী বিয়া কৰোৱা সত্ত্বেও প্রথম পত্নী, সন্তানে অধিক গুৰুত্ব পাইছিল! সন্দেহবশত স্বামীৰ অনুপস্থিতিত প্রথম পত্নীলৈ পঠোৱা মেছেজ লুকাই লুকাই পঢ়ে দ্বিতীয় পত্নীয়ে। স্বামীৰ ফোন খুলি উক্ত মেছেজ, ই-মেইল পঢ়িয়েই প্রতিদিনে তুমুল অশান্তি হৈ আছিল! উক্ত দোষতেই কঠোৰ শাস্তি পালে দ্বিতীয় পত্নীয়ে।
সংযুক্ত আৰব আমিৰশ্বাহীৰ এই শাস্তিৰ কাৰণ শুনি হতবাক সকলো। ইমাৰাত আল যৌম সংবাদ মাধ্যমত জনোৱা হৈছে, দ্বিতীয় পত্নীৰ বিৰুদ্ধে থানাত গোচৰ তৰে তেওঁৰ স্বামীয়ে। অভিযোগৰ সময়ত তেওঁ জনায়, সন্দেহ কৰি তেওঁৰ দ্বিতীয় পত্নীয়ে ফোন, লেপটপৰ পৰা প্রথম পত্নী, সন্তানলৈ পঠোৱা মেছেজ পঢ়িছিল। লাহে লাহে প্রথম পত্নীৰ সৈতে সম্পর্কত ভাঙোন ধৰে। বিবাহ বিচ্ছেদ হয় তেওঁলোকৰ। এই সকলোবোৰৰ বাবে দোষী তেওঁৰ দ্বিতীয় পত্নী।
ক্ষতিপূৰণৰ বাবদ দ্বিতীয় পত্নীৰ পৰা ব্যক্তিজনে বৃহৎ অঙ্কৰ ধনো দাবী কৰে। স্বামীৰ অভিযোগৰ ভিত্তিত তেওঁৰ দ্বিতীয় পত্নীক এমাহৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে আদালতে। ভাৰতীয় মুদ্রাত ১ লাখ ৬৪ হাজাৰ টকা জৰিমনাও বিহা হয়।