![]()
নিউজ ডেস্কঃ
এইবাৰ ১২-১৮ বছৰ বয়সীয়াসকলে কৰোনাৰ টীকা লা ভকৰিব। প্রাপ্তবয়স্কসকলেও এই টীকা ল’ব পাৰে। কাৰণ ভাৰতৰ ড্রাগ কন্ট্রোলাৰ জেনেৰেলে (ডিচিজিএল)জৰুৰী ভিত্তিত অনুমোদন দিছে জাইডাছ কেডিলাৰ তিনিটা পালিৰ ভেকচিনক। জানিব পৰা মতে, এই টীকাৰ নিৰাপত্তা, কার্যকাৰিতাৰ হাৰ আৰু ৰোগ প্রতিৰোধ ক্ষমতা সৃষ্টি ইত্যাদি সকলো দিশ ভালদৰে পৰীক্ষা কৰা হৈছে। লগতে এইটোও জানিব পৰা গৈছে যে পৃথিৱীৰ প্রথম বেজীবিহীন টীকা এইটোৱেই। লগততে এইটোৱেই হৈছে প্রথম ডিএনএ টীকা। এই টীকাৰ নাম দিয়া হৈছে জাইকোভ-ডি (Zycov-D)।
জানিব পৰা মতে, জাইকোভ-ডি তিনিটা পালিৰ এক ইন্ট্রাডার্মাল টীকা য’ত বেজী ব্যৱহাৰৰ প্রয়োজন নাই। ইন্ট্রাডার্মালৰ অর্থ হৈছে এই টীকা পেশীত বা শিৰাত নহয় দিয়া হ’ব মানুহৰ ছালৰ ভিতৰতেই, ফলত বেজীৰে ফুটুৱাৰ প্ৰয়োজন নাই। চিকিৎসকে জনোৱা মতে, ইয়াৰ ফলত পার্শ্বপ্রতিক্রিয়াৰ সম্ভাৱনাও কমি যাব। ক্লিনিকেল ট্রায়েলত দেখা গৈছে যে আৰটি-পিচিআৰ ৰিপোর্টত পজিটিভ আৰু উপসর্গযুক্ত কোভিড ৰোগীৰ ক্ষেত্রত ৬৬.৬ শতাংশ কাৰ্যকাৰিতা লক্ষ্য কৰা গৈছে। তিনিটা পালি লোৱাৰ পিছত কাৰ্যকাৰিতা ১০০ শতাংশ বুলি জনোৱা হৈছে।













