![]()
নিউজ ডেস্কঃ
এটিএমৰ পৰা টকা উলিয়াওঁতে মাজে-সময়ে ছিঙা-ফটা নোট ওলায়। এনে নোটক লৈ সমস্যাত পৰিবলগা হয় বহু সময়ত।
এনে পৰিস্থিতিত বিচলিত হ’বলগা একো নাই৷ মাত্ৰ মনত ৰাখিব যে কেইটামান অতি সহজ প্ৰক্ৰিয়াৰে আপুনি উক্ত অচল নোটৰ সলনি ভাল নোট পাব পাৰে।
টকা উলিওৱাৰ সময়ত এটিএমৰ পৰা অৱশ্যেই ‘উইথড্রৱেল শ্লিপ’খন সংগ্রহ কৰি ৰাখিব। এই ‘উইথড্রৱেল শ্লিপ’ৰ সহায়তেই আপোনাৰ বেঙ্কে আপোনাক উক্ত অচল নোটৰ সলনি ভাল নোট দিব পাৰিব।
এটিএমৰ পৰা বেয়া নোট পালে উক্ত নোট সলনিৰ বাবে আপুনি আপোনাৰ বেঙ্কলৈ যাব লাগিব। বেঙ্কত নোট সলনিৰ বাবে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আৰু তাৰ সৈতে ‘উইথড্রৱেল শ্লিপ’খন বেঙ্কক দেখুৱাব লাগিব। ৰিজার্ভ বেঙ্কৰ নিয়ম অনুযায়ী যি বেঙ্কৰ এটিএমৰ পৰা টকা উলিওৱা হৈছে, তাৰ যিকোনো শাখাতেই এই নোট সলনি কৰাটো সম্ভৱ।












